বিশ্বৰ প্ৰথম দেশ কিউবা : ২ৰ পৰা ১১ বছৰৰ শিশুক ভেক্‌চিন

0
708
কৰ’নাৰ মহামাৰীৰ সময়ত আমেৰিকা, চীন আৰু ৰাছিয়াৰ দৰে উন্নত দেশক পিছ পেলাই  কিউবাই সফলতা লাভ কৰিছে৷ ক’ভিড-১৯ৰ বিৰুদ্ধে ২ বছৰৰ ওপৰৰ শিশুক ভেক্‌চিন দিয়া বিশ্বৰ প্ৰথম দেশৰ সন্মান আৰু গৌৰৱ অৰ্জন কৰিলে কিউবাই৷ দেশখনত আবদালা আৰু ছ’বেৰানা নামৰ দুটা ভেক্‌চিনৰ ক্লিনিকেল পৰীক্ষা শেষ কৰি কিউবাই ২ বছৰৰ ওপৰৰসকলক ভেক্‌চিন দিয়া আৰম্ভ কৰে৷ যোৱা ৬ ছেপ্টেম্বৰত দেশখনৰ মধ্যস্থলৰ প্ৰদেশ চিয়েনফুৱেগ’ত ২-১১  বছৰৰ শিশুসকলক ভেক্‌চিন দিয়া আৰম্ভ কৰা হয়৷ বিশ্বৰ আন কিছু দেশে ১২ বছৰৰ ওপৰৰ শিশু-কিশোৰক ভেক্‌চিন দি আছে আৰু কিছুমানে কম বয়সীয়া শিশুৰ ভেক্‌চিনৰ পৰীক্ষা কৰি আছে৷ চীন, ইউনাইটেড আৰব এমিৰেটছ আৰু ভেনিজুৱেলাই কম বয়সীয়া শিশুক ভেক্‌চিন দিয়াৰ পৰিকল্পনা কৰিছে বুলি ঘোষণা কৰিছে৷ কিন্তু এই ক্ষেত্ৰত কিউবাই বিশ্বৰ ভিতৰত প্ৰথম ২ বছৰৰ ওপৰৰ শিশুক ভেক্‌চিন দিয়া আৰম্ভ কৰিলে৷ ইফালে চিলিয়ে ৬ ছেপ্টেম্বৰত ৬-১২ বছৰৰ শিশুৰ বাবে চীনৰ ছিন’ভেক ভেক্‌চিনৰ অনুমোদন জনাইছে৷ অৱশ্যে কিউবাৰ স্বদেশীয় এই ভেক্‌চিনে এতিয়াও বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন পোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here