দৈনিক শৰীৰত তেল মালিচ কৰক ! পাওক আচৰিত লাভ

0
1883
দিনটোৰ ভাগৰ, কষ্ট আদিৰ মূৰত সন্ধিয়া ঘৰত আহি শৰীৰটো অৱশ হৈ পৰে৷ তেনে সময়ত যদি আপুনি অলপ তেল গৰম কৰি লৈ হাত দুখন, ভৰি দুখন তথা সৰ্বশৰীৰ মালিচ কৰে, তেতিয়া শৰীৰটোৱে বিৰাট আৰাম পায়৷ নহয় জানো৷ এইখিনি অভিজ্ঞতা আপোনালোকৰ কম-বেছি হ’লেও আছে৷ কিন্তু এনেদৰে যদি দৈনিক শৰীৰত তেলেৰে মালিচ কৰে, তেন্তে শৰীৰৰ কি কি লাভ হয় জানেনে?

(১) এনেদৰে শৰীৰত তেল মালিচ কৰাৰ ফলত ৰক্ত সঞ্চালন উন্নত হয় আৰু শৰীৰৰ শুষ্কতা, খহটা ছাল মসৃণ আৰু উন্নত হয়৷


(২) শৰীৰত তেল মালিচ কৰিলে মাংসপেশী আৰু স্নায়ুসমূহে আৰাম পায়৷ ফলত ভাল টোপনি আহে৷

12 Best Body Massage Oils Available In India


(৩) তেলেৰে মালিচ কৰিলে শৰীৰৰ বিষ, গাঁঠিৰ বিষ, মূৰৰ বিষ আদি নিৰ্মূল হয়৷

Top 10 Health Benefits of Foot Massage and Reflexology - Renaissance College


(8) আপুনি যদি দিনটো অফিচত কম্পিউটাৰত কাম কৰি থাকে৷ তেন্তে অলপ তেলেৰে কপালৰ কুম আৰু চকুৰ চাৰিওফালে মাচাজ কৰিব লাগে৷ এনেদৰে মালিচ কৰিলে চকু সুস্থ হৈ থকাত সহায়ক হয়৷

Massage Your Eyes With A 2-Ingredient Coconut Oil Blend For A Striking Effect


(৫) শৰীৰত তেল মালিচ কৰোঁতে অলপমান তেল হাতৰ তলুৱাত লৈ বুকুত মালিচ কৰিলে হৃদপিণ্ডৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷


(৬) তেল মালিচ কৰাৰ ফলত শৰীৰত কিছুমান হৰমন নিঃসৰণ হয়৷ যিয়ে মন-মগজু শান্ত কৰি দুশ্চিন্তা, অৱসাদ আদি দূৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here