মাহেকীয়া পেটৰ বিষ আৰু শিলিখা

0
1417

আদাই ভোজন, শিলিখাই মুখশুদ্ধি
তাৰ শৰীৰত নাই ৰোগৰ বৃদ্ধি-

অৰ্থাৎ খাদ্যৰ লগত আদা আৰু খাদ্যৰ পাছত শিলিখা সেৱন কৰাজনক কোনোধৰণৰ ৰোগে আক্ৰমণ কৰিব নোৱাৰে৷ কেহা সোৱাদযুক্ত শিলিখা আমাৰ শৰীৰৰ বাবে উপকাৰী৷ বনৌষধি দ্ৰব্যৰ ভিতৰত শিলিখাক উৎকৃষ্ট বুলি ক’ব পাৰি৷ গতিকে শিলিখাৰ কিছুমান উপকাৰিতাৰ বিষয়ে জানো আহক৷

Xilikha(Black or Chebulic Myrobalan) preservation – Taru Phukan

[১] শিলিখা নিমখৰ লগত খালে কফ নাশ আৰু হজম শক্তি বাঢ়ে৷
[২] চকুৰ পৰা পানী ওলালে শিলিখাৰ পাউডাৰ অলপ পানীত মিহলাই ৰাতি শুবৰ সময়ত কেইদিনমান একেৰাহে খাব লাগে৷
[৩] চকুৰ বেমাৰত শিলিখা ঘিউত ভাজি চকুৰ চাৰিওফালে প্ৰলেপ দিব লাগে৷
[৪] মাহেকীয়াৰ সময়ত পেট বিষালে শিলিখাৰ গুৰি একাপ পানীত মিহলাই দিনে একাপকৈ খাব লাগে৷


[৫] শৌচ কঠিন হ’লে শিলিখা পানীত সিজাই দিনে এবাৰকৈ খালে শৌচ স্বাভাৱিক হয়৷
[৬] শিলিখা আৰু আমলখিৰ ৰস একেলগে মিহলাই চুলিত সানিলে চুলি ক’লা হয়৷
[৭] শিলিখা নিয়মীয়াকৈ খালে ছালৰ সৌন্দৰ্য বৃদ্ধি হয়৷
[৮] হাঁওফাঁও ৰোগী, বহুমূত্ৰ ৰোগী, ৰক্তহীনতা ৰোগী, জণ্ডিচ ৰোগীৰ বাবে শিলিখা উত্তম

LEAVE A REPLY

Please enter your comment!
Please enter your name here