আচিনাৰ যন্ত্ৰণাৰ পৰা কিদৰে ৰক্ষা পৰিব ?

0
565

ফাগুন মাহত বতাহ বলিবলৈ আৰম্ভ হয় আৰু ধূলিৰে ভৰি পৰে ফলত বিভিন্ন ছালৰ ৰোগ বা চকুৰ ৰোগ হ’বলৈ ধৰে ।
ফাগুন মাহত হোৱা এটা চিনাকি ৰোগ হৈছে আচিনা বা আজনী । ইয়াক ইংৰাজীত ষ্টয় (stye) বুলি কোৱা হয় ।আচিনা বা আজনী হ’লে চকুৰ পাৰিবোৰ ফুলি উঠে, নোমৰ গুৰিবোৰ ফুলি আহে আৰু ৰঙা পৰি যায় বা বিষায় । আচিনা হ’লে পুৱাৰ পৰিষ্কাৰ নিয়ৰ চকুত তুলাৰে লগাই দিলে সকাহ পোৱা যায় । গোলাপৰ ৰসৰেও চকুযুৰি মোহাৰিব পাৰে । আচিনা হ’লে সহজতে ঠিক কৰিব পৰা কেইটামান উপায় হ’ল – এগিলাচ গৰম পানীত অকণমান নিমখ মিহলাই এখন পৰিষ্কাৰ কাপোৰেৰে বা তুলাৰে পুৱা আৰু সন্ধিয়া দুবাৰকৈ চকুৰ নোমবোৰ মচি পৰিষ্কাৰ কৰি ৰখাৰ লগতে অলপ অলপকৈ গৰম ভাপ বা উম দি থাকিলে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি । হালধিৰ ৰস বা পাউডাৰ পানীত মিহলাই দিনত দুবাৰকৈ ব্যবহাৰ কৰিলেও ভাল ফল পোৱা যায় । ধনিয়াৰ গুটি গৰম পানীত উতলাই ঠাণ্ডা হোৱাৰ পিছত দিনত দুবাৰকৈ সেই পানীৰে চকু ধুলে ইয়াৰ পৰা উপকাৰ লাভ কৰিব লগতে লং গুড়ি কৰি পানীৰ লগত মিহলাই পেক এটা বনাই চকুৰ নোম আৰু পতাত ভালদৰে লগাই পাঁচ ঘণ্টাৰ বাবে লগাই ৰাখি ধুই দিলে ইয়াৰ পৰা যথেষ্ট উপকাৰ লাভ কৰিব পাৰি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here