খোৱাৰ সাঁজত কিয় ঢেঁকীয়া শাক ৰাখিব ?

0
313

অতি সুলভ মুল্যত উপলব্ধ উচ্চ মানৰ প্ৰ’টিনযুক্ত অধিক ঔষধি গুনণৰে ভৰপূৰ ঢেঁকীয়া শাক আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী ?
ঢেঁকীয়া এবিধ সকলোৰে পৰিচিত শাক জাতীয় বনৰীয়া উদ্ভিদ । ঢেঁকীয়াৰ বহুতো প্ৰজাতি আছে৷ আমি সচৰাচৰ শাক হিচাপে খোৱাবিধৰ বৈজ্ঞানিক নাম হ’ল – Diplazium esculantum আৰু ইংৰাজীত ইয়াক Fiddlehead ferns
বুলি কোৱা হয় । শেহতীয়াকৈ প্ৰমাণ হৈছে যে ঢেঁকীয়া শাক অধিক প্ৰ’টিনেৰে ভৰপূৰ । জানিব পৰা মতে পুষ্টি বিজ্ঞানীৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি খাদ্য উপযোগী ঢেঁকীয়াৰ কুমলীয়া পাতত ৩৩.২৭ শতাংশ প্ৰ’টিন ৫.৬০ % কাৰ্বহাইড্ৰেট , ৩.৮০ % চৰ্বিজাতীয় উপাদান, ৭.৮০ % আঁহজাতীয় উপাদান আৰু ১৩.১৫% খনিজ লবণ থাকে, যিবোৰ দেহৰ পৰিপুষ্টিৰ বাবে অপৰিহাৰ্য্ । ইয়াৰ উপৰি ইয়াত ভিটামিন A,B, C, E , বিটা কেৰটিন এন্টিঅক্সিডেণ্ট ইত্যাদি পোৱা যায় , ই সাধাৰণতে মাৰ্চৰ পৰা অক্টোবৰৰ ভিতৰত সৰহকৈ পোৱা যায় । ঢেঁকীয়াৰ শিপাৰ চাহ বনাই খালে হাওঁফাওঁৰ ৰোগ ভাল হয় । ঢেঁকীয়াৰ আগ ঘিউৰে ভাজি খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায় । ঢেঁকীয়া শাকে শক্তিবৰ্ধক আৰু যৌন দূৰ্বলতা আঁতৰ কৰাত সহায় কৰে । ঢেঁকীয়া শাক ডায়েবেটিছৰ বাবে উপযোগী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here