পুৱাই খালী পেটত কুহুমীয়া পানী খাওক

0
1291

খালী পেটত কুহুমীয়া গৰম পানী খালে দেহৰ পৰা টক্সিনবোৰ ওলাই যায় । লগতে দেহটো পৰিষ্কাৰ অৰ্থাৎ দেহৰ পাঁচনতন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে । নিয়মিত গৰম পানী খালে গাঁঠিৰ বিষ বা বিভিন্ন বিষবোৰ কমাত সহায় কৰে। গৰম পানীযে শৰীৰৰ অপ্ৰয়োজনীয় বিষাক্ত পদাৰ্থবোৰ ঘামৰ সৈতে বাহিৰলৈ ওলোৱাত সহায় কৰে । মূৰৰ বিষ বা ডিঙিৰ বিষ হ’লে অলপ অলপকৈ গৰম পানী সেৱন কৰিলে দেখিব কিছু সময় পিছত আপুনি আৰাম অনুভৱ কৰিছে । উশাহ-নিশাহ লোৱাত অসুবিধা হোৱা , ঘন ঘন ঠাণ্ডাৰ এলাৰ্জি , কফ বহি যায় বা ডিঙিৰ খচখচনি তেওঁলোকে নিয়মিতভাৱে গৰম পানী খালে ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰিব । নিয়মিতৰূপে গৰম পানী খালে শৰীৰৰ অতিৰিক্ত কেলৰি গলাই চৰ্বি কমোৱাত সহায় কৰে । গেছ, এচিডিটি আদি ৰোগৰ পৰা নিয়মিতভাৱে গৰম পানী খালে উপকাৰ লাভ কৰিব পাৰি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here