আইন ধোঁৱাচাঙত : মুকলিকৈ বিক্ৰী প্লাষ্টিকৰ পলিথিন

0
426

ৰাজ্য চৰকাৰৰ প্লাষ্টিক বৰ্জন আইনৰ অধীনত ৰাজ্যৰ লগতে খোদ মহানগৰীত বিভিন্ন সময়ত প্লাষ্টিকৰ সামগ্ৰী, কেৰ বেগ আদি বৰ্জনৰ নিষেধাজ্ঞা আছে যদিও এই আইনখন যেন ধোঁৱাচাঙত উঠিছে৷ সম্প্ৰতি সমগ্ৰ দেশতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী তথা ইয়াৰ ব্যৱহাৰ বন্ধ কৰাৰ নিৰ্দেশ আছে৷ কিন্তু ইয়াৰ বিপৰীত ছবিহে মহানগৰীৰ প্ৰতিফলন হোৱা দেখিবলৈ পোৱা যায়৷ মাছ-মাংস, শাক-পাচলি বা আন বস্তু ক্ৰয় কৰাৰ সময়ত সকলোৰে হাতত একোটা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ অবাধ ব্যৱহাৰ৷ প্লাষ্টিকৰ পলিথিন সহজে নপচে আৰু এই অপচনীয় আৱৰ্জনাই সমগ্ৰ বিশ্বকে ব্যাপক ধৰণে প্ৰদূষিত কৰি তুলিছে৷ দেশত প্লাষ্টিকৰ বিৰুদ্ধে যিমানেই সজাগতা চলিছে, তাৰ বিপৰীত ছবি এখনহে মহানগৰীত দেখিবলৈ পোৱা গৈছে৷ গুৱাহাটীত অধিক মাত্ৰাত বৃদ্ধি হোৱা প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰে প্ৰদূষণৰ বৃদ্ধিত অধিক অৰিহণা যোগাইছে৷ তাৰ জ্বলন্ত উদাহৰণ হিচাপে পৌৰকৰ্মীয়ে নলা-নৰ্দমা চাফা কৰাৰ সময়ত প্ৰত্যক্ষ কৰিলে দেখিবলৈ পোৱা যায়৷ নলাৰ পৰা ওলোৱা দ’ম দ’ম প্লাষ্টিকৰ বটল, পলিথিনৰ বেগ আদিয়ে ইয়াৰ প্ৰমাণ৷ এই ক্ষেত্ৰত কিন্তু ইয়াৰ বাসিন্দাসকলেও সমানেই জগৰীয়া৷ কিয়নো প্ৰায়ভাগ লোকেই পানী খাই  খালী বটলটো নলাটোলৈহে নিক্ষেপ কৰে বা বজাৰ কৰাৰ পাছত উক্ত প্লাষ্টিকৰ বেগটোৰ জাবৰৰ সৈতে নলাৰ দলিয়ায়৷ আনহাতে মহানগৰীৰ প্ৰতিখন বজাৰলৈ মুকলিকৈয়ে এতিয়াও প্ৰচলন হৈ আছে  এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পলিথিন৷ সকলোৱে জানি-শুনিও এই ব্যৱহাৰৰ অযোগ্য সামগ্ৰীবিধ আমি নিয়মিতভাৱে ব্যৱহাৰ কৰি আহিছোঁ৷ অদূৰ ভৱিষ্যতে ইয়াৰ ফল অতি ভয়াৱহ যে হ’ব সেয়া নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here