অহা মাহৰ পৰা শিশুক দিয়া হ’ব কৰ’নাৰ ভেকচিন: স্বাস্থ্য মন্ত্ৰী

0
852
ভাৰতে আগষ্টৰ ভিতৰত শিশুৰ বাবে কৰ’নাৰ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মান্দাবিয়াই যোৱা ২৭ জুলাইত বিজেপি সংসদীয় দলৰ বৈঠকত এই কথা প্ৰকাশ কৰে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থকা বৈঠকত মন্ত্ৰীজনে লগতে কয় যে অহা মাহৰ পৰা ভাৰতত শিশুৰ কৰ’না ভাইৰাছৰ টিকাকৰণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে বৰ্তমান ভাৰতত ১৮ বছৰৰ ঊধবৰ্ৰ লোকক কৰ’নাৰ ভেকচিন দিয়া হৈছে৷ ইয়াৰ আগতে দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই এইবুলি কৈছিল যে ভাৰতে ছেপ্টেম্বৰৰ ভিতৰত শিশুৰ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here