ইণ্ডোনেছিয়াত শিশুৰ বাবে বিভীষিকা হৈ পৰিছে Delta ভেৰিয়েণ্ট

0
895
ইণ্ডোনেছিয়াত শিশুৰ বাবে বিভীষিকা হৈ পৰিছে কৰ’নাৰ Delta ভেৰিয়েণ্ট৷ দেশখনত এই ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱাৰ পাছত বিগত কেইটামান সপ্তাহত কেইবাশ শিশুৰ মৃত্যু হৈছে৷ ইয়াৰে ভালেমান শিশুৰ বয়স পাঁচ বছৰতকৈ কম৷ দেশখনত কৰ’নাৰ সংক্ৰমণত শিশুৰ মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক বুলি কোৱা হৈছে৷ যোৱা সপ্তাহত ইণ্ডোনেছিয়াত কৰ’নাৰ সংক্ৰমণ হৈ মৃত্যু হয় শতাধিক শিশুৰ৷ উল্লেখ্য যে সম্প্ৰতি দক্ষিণ পূব এছিয়াত কৰ’নাৰ Delta ভেৰিয়েণ্টে তাণ্ডৱৰ সৃষ্টি কৰিছে৷ ইণ্ডোনেছিয়াত প্ৰতিদিনে এহেজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে এই ৰোগত আক্ৰান্ত হৈ৷ দেশখনত মুঠ সংক্ৰমিতৰ ১২.৫% হ’ল শিশু৷ কেৱল যোৱা ১২ জুলাইত অন্ত পৰা সপ্তাহটোতে দেশখনৰ ডেৰশ শিশুৰ মৃত্যু হৈছিল৷ ইয়াৰে আধা হ’ল পাঁচ বছৰৰ কম বয়সৰ শিশু৷ উল্লেখ্য যে ইণ্ডোনেছিয়াত তিনি লাখতকৈ অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৮৩ হাজাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here