ৰাজ্য চৰকাৰৰ নতুন কভিড নিৰ্দেশনা

0
879

যোৱা ২৭ জুলাইত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি মহাবিদ্যালয়ৰ সভাকক্ষত উচ্চপদস্থ স্বাস্থ্য বিষয়াৰে আলোচনাৰ পাছত জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ৰাজ্যত বলৱৎ হ’বলগা নতুন SOP সন্দৰ্ভত ঘোষণা কৰে৷ নতুন SOP মতে– ৰাজ্যখনৰ দুখন জিলা ক্ৰমে গোলাঘাট আৰু লখিমপুৰ জিলা পুনৰ এসপ্তাহলৈ সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীয়ে৷ জিলা দুখনত ২৪ ঘণ্টাই সান্ধ্য আইন বলৱৎ থাকিব৷ সেই অনুসৰি পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৫ বজালৈকে গেলামাল, গাখীৰ, ফাৰ্মাচী, শাক-পাচলিৰ দোকান খোলা থাকিব৷ লগতে স্বাস্থ্য সেৱাসমূহৰ লগত জড়িত থকা লোক তথা স্বাস্থ্যজনিত কাৰণত যাতায়াত কৰিব পাৰিব৷ সংবাদমেলত মন্ত্ৰীজনে জানিবলৈ দিয়া মতে ৰাজ্যখনত এক কোটি ২২ হাজাৰজনে আজিলৈকে লাভ কৰিলে ভেক্‌চিন আৰু ভেক্‌চিন প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে৷ নতুন এছ অ’ পিত অসমৰ ৰেড জ’নত থকা তিনিখন জিলাত কাৰ্ফিউ শিথিল কৰা হৈছে৷ সেই জিলাকেইখন হৈছে– যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ৷ আনহাতে লখিমপুৰ আৰু গোলাঘাট সম্পূৰ্ণ লকডাউনৰ কবলত থাকিব৷ আনহাতে গুৱাহাটীকে ধৰি আন ২৭খন জিলাত পূৰ্বৰ দৰে বলৱৎ থাকিব নীতি-নিৰ্দেশনা৷ যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে হ’ব সান্ধ্য আইন৷ ২৮ জুলাইৰ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব নতুন এছ অ’ পিৰ নীতি-নিৰ্দেশনা৷ এই সময়ছোৱাত আন্তঃজিলা যাতায়াত সম্পূৰ্ণৰূপে বন্ধ থাকিব৷ আনহাতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই যোৱা ২৭ জুলাইত লখিমপুৰত উপস্থিত হৈ জিলাখনৰ সদৰত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজ পৰিদৰ্শন কৰে লগতে লখিমপুৰ কেন্‌ছাৰ হস্পিটেল চলিত বৰ্ষৰ ডিচেম্বৰ মাহত শুভাৰম্ভ হ’ব বুলিও ঘোষণা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here