অহা বছৰৰ পৰা সকলো ঔষধতবাৰক’ড বাধ্যতামূলক হ’ব

0
133

ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে দেশখনত বিক্ৰী হোৱা ঔষধবোৰত বাৰক’ড বাধ্যতামূলক কৰিছে৷ চৰকাৰে কয় যে এই পদক্ষেপে উৎপাদনৰ পৰা যোগান শৃংখলালৈকে ঔষধৰ বিশ্বাসযোগ্যতা বা সত্যতা নিশ্চিত কৰিব৷ সকলো ঔষধত বাৰক’ড ব্যৱস্থা ২০২৩ চনৰ ৰ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব আৰু ঔষধবোৰৰ আধাৰ কাৰ্ড বুলি কোৱা হ’ব৷ ঔষধবোৰত এটা ইউনিক বাৰক’ড থাকিব আৰু তাত ঔষধৰ সকলো তথ্য যেনে চিনাক্তকৰণৰ ক’ড, ঔষধৰ শুদ্ধ আৰু জেনেৰিক নাম, ব্ৰেণ্ড নেম, উৎপাদনকৰ্তাৰ নাম আৰু ঠিকনা, বেট্‌চ নম্বৰ, উৎপাদনৰ তাৰিখ, ম্যাদ ওকলাৰ তাৰিখ, উৎপাদনৰ অনুজ্ঞাপত্ৰৰ নম্বৰ থাকিব৷ বেছি বিক্ৰী হোৱা ৩০০টা ব্ৰেণ্ডৰ ঔষধত বাৰক’ড থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here