মাছ ৰন্ধাৰ আগতে নিমখ-হালধি কিয় সনা হয় জানেনে ?

0
181

মাছ স্বাস্থ্যৰ পক্ষে উপকাৰী৷ মাছত ওমেগা৩ ফেটি এচিড থাকে বাবে শৰীৰৰ বেথা কমায়, আফ্ৰাইটিছত আক্ৰান্তসকলে শীতকালত মাছ খালে গাঁঠিৰ বিষৰ পৰা মুক্ত পাব পাৰে৷ শীতত চৰ্দি কাহ আদিৰ পৰা সকাহ পাবলৈ লগতে ছালৰ সুৰক্ষাৰ বাবে মাছ খোৱাটো অতি আৱশ্যক৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তুলিবলৈ মাছ খাদ্য তালিকাত ৰখাটো দৰকাৰ৷ ইয়াৰ বাবে বজাৰৰ পৰা অনা মাছ কিদৰে খোৱাৰ উপযোগী কৰিব? আমি সাধাৰণতে মাছ ৰন্ধাৰ আগতে ইয়াক ভালদৰে ধুই লৈ তাৰ পাছত নিমখ আৰু হালধি সানি কিছু সময়ৰ বাবে ৰাখি দিওঁ৷ অৰ্থাৎ মাছ ভজাৰ আগতে নিমখ, হালধি সানিহে ভজা হয়৷ এইটো এটা নিয়মমাফিক কাৰ্য বুলি ভবা হয় যদিও ইয়াৰ আছে কিছু বিশেষত্ব৷ আপুনি হয়তো নাজানে যে মাছত ৰন্ধাৰ আগতে মাছত নিমখ, হালধি সানিলে বহু উপকাৰ পাব পাৰি৷ মাছ ৰন্ধাৰ আগতে নিমখ আৰু হালধি সনাৰ প্ৰধান কাৰণ হ’ল ইয়াৰ এণ্টিবেক্টেৰিয়েল বৈশিষ্ট্য৷ যিয়ে বীজাণু তথা ইয়াৰ সংক্ৰমণ ধবংস কৰাত সহায় কৰে৷ মাছত হালধি মিহলাই মেৰিনেট কৰিলে মাছ বা মাংস দীৰ্ঘসময় ধৰি তাজা তথা ভালে ৰখাত সহায় কৰে৷ তদুপৰি অইন বীজাণু তথা মাখি, মহ আদিৰ পৰা হ’ব পৰা সংক্ৰমণ ৰোধ কৰে মাছত নিমখ আৰু হালধি সনাৰ ফলত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here