সুখবৰ : বিশ্বৰ আগশাৰীৰ দেশলৈ অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি

0
209

বিশ্বৰ আগশাৰীৰ কেইবাখনো দেশলৈ অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি পাইছে৷ চলিত বৰ্ষৰ প্ৰথম কালছোৱাত এপ্ৰিলৰ পৰা আগষ্ট পৰ্যন্ত বিগত বৰ্ষৰ এই একেই সময়ছোৱাতকৈ  চাহৰ ৰপ্তানি বৃদ্ধি পাইছে৷ ইতিমধ্যে ভাৰতীয় চাহ ব’ৰ্ডে এই তথ্য সদৰী কৰিছে৷ চাহ ব’ৰ্ডৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এই পাঁচটা মাহত বিদেশলৈ ২৫১৮.ৰৰ কোটি টকা মূল্যৰ ভাৰতত  উৎপাদিত চাহ ৰপ্তানি
 হয় আৰু ইয়াৰে অধিকসংখ্যক চাহেই অসমৰ৷ বিপৰীতে বিগত বৰ্ষৰ এই একেই সময়ছোৱাত ভাৰতৰ পৰা বিদেশলৈ ২১৩৮.৮১ কোটি টকাৰ চাহ ৰপ্তানি
 হৈছিল৷ বিদেশলৈ চাহৰ ১৫ানিৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে স্বাভাৱিকতে ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব অসমত৷ কিয়নো দেশৰ উৎপাদিত মুঠ চাহৰ ৫০ শতাংশ চাহ অসমত উৎপাদিত হয়৷ বাকী ৫০ শতাংশ চাহ তামিলনাডু, কেৰালা, কৰ্ণাটক, পশ্চিম বংগ, বিহাৰ, অৰুণাচল প্ৰদেশ, নগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ত উৎপাদন হয়৷ চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্ট পৰ্যন্ত ভাৰতে সৰ্বমুঠ ৮৯.১১নিযুত কিল’গ্ৰাম চাহ বিদেশলৈ ৰপ্তানি
 কৰে৷ পাঁচ মাহৰ ভিতৰত ৰপ্তানি
 কৰা এই চাহৰ ভিতৰত অধিক সংখ্যক চাহ অসমত উৎপাদিত বুলি জানিব পৰা গৈছে৷ তথ্য অনুসৰি আয়াৰলেণ্ড, পোলেণ্ড, কানাডা, ছৌডি আৰব, আফগানিস্তান, বাংলাদেশ, চীন, শ্ৰীলংকা, অষ্ট্ৰেলিয়া আদি দেশসমূহলৈ ভাৰতত উৎপাদিত চাহৰ ৰপ্তানি
 বৃদ্ধি হৈছে৷ বছৰটোৰ প্ৰথম কালছোৱাত বিদেশলৈ চাহৰ ৰপ্তানি বৃদ্ধি পোৱা মানে শেষৰ কালছোৱাতো ৰপ্তানি
 পৰিমাণ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে৷ অৱশ্যে এই পৰ্যন্ত শেষৰ কালছোৱাৰ তথ্য পোহৰলৈ অহা নাই৷ ইফালে চলিত বৰ্ষত চাহ উৎপাদনকাৰী ৰাষ্ট্ৰ চীন আৰু শ্ৰীলংকালৈ ভাৰতত উৎপাদিত চাহৰ ৰপ্তানি
 বৃদ্ধি হোৱাটো লক্ষণীয় বিষয়৷ অৱশ্যে চাহ উৎপাদনকাৰী আন এখন ৰাষ্ট্ৰ কেনিয়ালৈ ভাৰতৰ চাহৰ ৰপ্তানি বিগত বৰ্ষৰ তুলনাত হ্ৰাস পাইছে৷ জাপান, ইৰানলৈও ৰপ্তানি
 পূৰ্বৰ তুলনাত হ্ৰাস পাইছে৷ ইফালে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানলৈ চাহ ৰপ্তানি
 কৰাটো ভাৰতে এতিয়াও বন্ধ ৰাখিছে৷ আন দেশসমূহৰ ভিতৰত কমনৱেলথৰ অধীনস্থ ৰাষ্ট্ৰসমূহলৈও ভাৰতৰ চাহৰ ১৫ানি চলিত বৰ্ষত বৃদ্ধি পাইছে৷ ৰাছিয়ালৈ বিগত পাঁচ মাহত ২৫৮ কোটি টকা মূল্যৰ চাহ ভাৰতৰ পৰা ৰপ্তানি
 হৈছে৷ কাজাখস্তানলৈ বৃদ্ধি পাইছে চাহৰ ১৫ানি৷ অৱশ্যে যুদ্ধ বিধবস্ত ইউক্ৰেইনলৈ পূৰ্বৰ বছৰৰ তুলনাত চলিত বৰ্ষত ভাৰতীয় চাহৰ ৰপ্তানি
 কিছু হ্ৰাস পাইছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here