অসম আৰক্ষীৰ বৃহৎ অভিযান ১৩৪ কোটিৰ ড্ৰাগ্‌ছ জব্দ

0
376

কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ থানাৰ অন্তৰ্গত যোগদলস্থিত টোলগে’টত বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ জব্দ হয়৷ জানিব পৰা মতে, প্ৰায় ১৩৪ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছ জব্দ কৰাৰ লগতে দুটা ড্ৰাগ্‌ছ সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ 
মহানগৰৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত বিবেকানন্দ দাসৰ নেতৃত্বত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এম এন ০১-৯৯৩৭ নম্বৰৰ ট্ৰাক এখনৰ পৰা ১৩৪ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছখিনি জব্দ কৰে৷ 
আৰক্ষীয়ে ড্ৰাগ্‌ছ সৰবৰাহত জড়িত খংগেবাম মাংগে সিং আৰু চাগলোচেম সিং নামৰ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰিছে৷ সোণাপুৰৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ এই অভিযান অসম আৰক্ষীৰ সৰ্বকালৰ বৃহৎ অভিযান বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here