ছাল-চুলিৰ উপকাৰ সাধে এইসমূহ ফলৰ বাকলিয়ে

0
974

মানুহৰ শৰীৰৰ বাবে প্রয়োজনীয় খাদ্য সম্ভাৰৰ ভিতৰত ৰসাল, সুস্বাদু অংশ এটা ফল-মূলে অধিকাৰ কৰি আছে৷ দৈনন্দিন খাদ্য তালিকাত ফল-মূলৰ বাবে এটা সুকীয়া স্থান সকলোৱে ৰাখে৷ ফল-মূলৰ উপকাৰিতাৰ বিষয়ে নতুনকৈ কোৱাৰ প্রয়োজন নাই৷ ফল-মূলৰ বাকলি অংশটো আমি সাধাৰণতে পেলাই দিওঁ৷ বহুতে অৱশ্যে ফুলগছক পুষ্টি যোগাবলৈ গছৰ গুৰিৰ মাটিত বাকলিবোৰ মিহলি কৰি দিয়ে৷ কিন্তু আমি বহুতে নাজানো যে ফলৰ এই বাকলিবোৰত এনে কিছুমান উপাদান নিহিত হৈ থাকে, যাক ছাল–চুলিৰ সৌন্দর্য ৰক্ষাত নিঃসংকোচে ব্যৱহাৰ কৰিব পাৰি৷ যাৰ বাবে পার্শ্বক্রিয়াৰ পৰা ছাল–চুলিক ৰক্ষা কৰিবলৈ আমি সক্ষম হ’ব পাৰোঁ৷

ছাল–চুলিৰ উপকাৰ সাধিব পৰা কেইবিধমান ফলৰ বাকলিৰ গুণাগুণৰ বিষয়ে জানো আহক৷

আম- আমৰ বাকলিত মিহলি হৈ আছে নানানটা গুণ৷ বাকলিটো গুচাই মুখমণ্ডলত আলফুলে ঘঁহি পোন্ধৰ বিশ মিনিটৰ পিছত ধুব৷ আমৰ বাকলিত থকা ভিটামিন-এ আৰু বিটা কেৰ’টিনে ছাললৈ প্রাকৃতিকভাৱে উজ্জ্বলতা কঢ়িয়াই আনে৷

কল – কলৰ বাকলি মুখমণ্ডলত ঘঁহি অলপ দেৰি পিছত ধুই দিব৷ ছালৰ বলিৰেখা আৰু শালমইনা দূৰ হ’ব৷ চকুৰ চাৰিওকাষৰ ক’লা দাগ আৰু চকু ফুলাৰ সমস্যাও ই লাঘৱ কৰে৷ তাৰ বাবে কলৰ বাকলি চকুৰ পতা আৰু চাৰিওকাষে আলফুলে ঘঁহি অলপ সময় ৰাখি ধুব৷ মহে কামোৰা ঠাইত কলৰ বাকলি ঘঁহিলে খজুৱতিৰ পৰা আৰাম পোৱা যায়৷

আপেল- আপেলৰ বাকলিৰ পেষ্ট মুখমণ্ডলত লগাই পোন্ধৰ মিনিটৰ পিছত ধুই দিব৷ছালৰ অতিৰিক্ত তেল নিয়ন্ত্রণ কৰাত সহায় কৰে আৰু শালমইনা দূৰ কৰে৷ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ছালক ৰক্ষা কৰে৷ছালৰ ক’লা দাগ আৰু একনি নির্মূলত সহায় কৰে৷ আপেলৰ বাকলিয়ে প্রাকৃতিক টনাৰৰ কাম কৰে৷ ছালৰ আর্দ্রতা বজাই ৰাখে ৷

কমলা- শীতকালীন ফল কমলাৰ বাকলিও ভিটামিন-চি, কেলচিয়াম, মেগনেচিয়াম, পটাচিয়ামকে ধৰি বহুকেইবিধ আৱশ্যকীয় উপাদানেৰে ভৰপূৰ৷ কমলাৰ বাকলিত থকা চাইড্রিক এচিডে ছালৰ ৰং প্রাকৃতিকভাৱে উজ্জ্বল কৰি তোলে৷ছালৰ অতিৰিক্ত তেলখিনি শুহি লয়৷ কমলাৰ বাকলিত থকা কেলচিয়ামে ছালৰ মৃতকোষ দূৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰাখে৷

আনাৰস- আনাৰসৰ বাকলি ছালত আলফুলে ঘঁহি কিছুপৰৰ বাবে ৰাখি ধুই পেলাব৷ আনাৰসৰ বাকলিয়ে ছালৰ আর্দ্র ভাব বজাই ৰখাত সহায় কৰে৷ ছালৰ একনি আৰু শালমইনা দূৰ কৰাত সহায় কৰে৷ ছালৰ পোৰণি হোৱা ঠাইত আনাৰসৰ বাকলি লগাই দিলে আৰাম পোৱা যায়৷

ফল-মূলৰ বাকলিবোৰ সৰু সৰুকৈ কাটি ৰ’দত ভালকৈ শুকুৱাই গুডি কৰি শুকান বটলত ভৰাই টানকৈ সাঁফৰ মাৰি ৰাখিলে বহু দিন ভালে থাকে৷ গতিকে ফল-মূলৰ বাকলিবোৰ পেলাই দিয়াৰ সলনি সৌন্দর্য চর্চাৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here