কিশোৰ-কিশোৰীৰ টিকাকৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

0
1294

১৬ মাৰ্চৰ পৰা ৰাজ্যত ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক’ভিড-১৯ৰ ভেকচিন প্ৰদান কৰা হৈছে৷ গুৱাহাটীৰ ৰুক্মিণীগাঁও বালিকা বিদ্যালয়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই ভেক্‌চিন প্ৰদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে ১২-১৪ বছৰ বয়সৰ শিক্ষাৰ্থীসকলক বিদ্যালয়তে বিনামূলীয়াকৈ ভেক্‌চিন প্ৰদান কৰিব৷ 
আনহাতে বিদ্যালয়ত শিক্ষা গ্ৰহণ নকৰা আন কিশোৰ-কিশোৰীসকলে নিকটতম চৰকাৰী ভেকচিন প্ৰদান কেন্দ্ৰত ভেক্‌চিন গ্ৰহণ কৰিব পাৰিব৷ ইয়াৰ উপৰি ৬০ বছৰৰ ঊৰ্ধ্বৰ সকলো ব্যক্তিয়ে সতৰ্কতামূলক পালি হিচাপে ক’ভিডৰ ভেক্‌চিনৰ অতিৰিক্ত পালি অৰ্থাৎ বুষ্টাৰ ড’জ গ্ৰহণ কৰিব পাৰিব৷ 
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সকলো যোগ্য হিতাধিকাৰীকে ভেক্‌চিন লোৱাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ ক’ভিড-১৯ৰ তিনিওটা ঢৌ পৰিচালনাৰ দিশত অসমে যথেষ্ট ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে  এই ক্ষেত্ৰত  চিকিৎসক, নাৰ্ছ আৰু সকলো স্বাস্থ্যকৰ্মীৰে শলাগ লয়৷ 
অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰায়ো ভাষণ প্ৰদান কৰে৷  উল্লেখ্য যে  পূৰ্বে ৬০ বছৰ ঊৰ্ধ্বৰ কোনো ৰোগত আক্ৰান্ত লোকসকল, ফ্ৰণ্টলাইন কৰ্মী আৰু স্বাস্থ্য সেৱা কৰ্মীকহে বুষ্টাৰ ড’জ প্ৰদান কৰা হৈছিল৷ কিন্তু এতিয়াৰে পৰা ৬০ বছৰ ঊৰ্ধ্বৰ সকলো লোকে বুষ্টাৰ ড’জ ল’ ব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here