অসমলৈ ভেক্‌চিনৰ যোগান বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰে: কেশৱ মহন্ত

0
773
অচিৰেই  অসমলৈ কভিড-১৯ৰ ভেক্‌চিনৰ যোগান বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰে৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক এই আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী মনসুখ মান্দাভিয়াই৷ উল্লেখ্য যে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীজনক যোৱা ৩০ জুলাইৰ নিশা সাক্ষাৎ কৰি কৰ’নাই ৰাজ্যখনত সৃষ্টি কৰা পৰিস্থিতিৰ সবিশেষ অৱগত কৰে৷ ৰাজ্য চৰকাৰখনে কৰ’না পৰীক্ষা দ্ৰুত কৰাৰ লগতে সংক্ৰমণৰ হাৰ অধিক হোৱা কেইবাখনো জিলাত কঠোৰ নীতি-নিয়ম বলৱৎ কৰাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰখনে প্ৰতিজন লোককে ভেক্‌চিন প্ৰদানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু পৰ্যাপ্ত ভেক্‌চিনৰ অভাৱত এই কাম এতিয়াও বহু পিছপৰি আছে৷ আজিৰ তাৰিখত ৰাজ্যখনৰ মাত্ৰ এক কোটি লোকেহে ভেক্‌চিন লাভ কৰিছে বুলি জনাই মহন্তই ৰাজ্যখনলৈ ভেক্‌চিনৰ যোগান বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীজনক টানি অনুৰোধ জনায়৷ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীজনে মহন্তৰ এই অনুৰোধ ৰক্ষা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনাগত দিনত অসমলৈ ভেক্‌চিনৰ যোগান বৃদ্ধি কৰা হ’ব৷  আনহাতে মহন্তই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰকো সাক্ষাৎ কৰি কৰ’নাকে ধৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভতো আলোচনাত মিলিত হয়৷ মন কৰিবলগীয়া কথা যে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত ভেক্‌চিন যোগান নধৰাৰ ফলত ৰাজ্যখনত আজিও ভেক্‌চিনৰ নাটনি হৈ আছে৷ যোৱা ২৯ জুলাইলেকে ৰাজ্যখনত যি ১,০৪,৪৩,৪৯০জন লোকে ভেক্‌চিন লাভ কৰিছে তাৰ ভিতৰত দুয়োটা পালি ভেক্‌চিন লাভ কৰা লোকৰ সংখ্যা হৈছে মাত্ৰ ১৮,৮৮,০৩৭৷ আনহাতে প্ৰথম পালি ভেক্‌চিন লাভ কৰিছে ৮৫,৫৫,৪৫৩জন লোকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here