গ্ৰামাঞ্চলত টিকাকৰণৰ বাবে CII-SII চুক্তিবদ্ধ

0
1169
স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ সৈতে উদ্যোগৰ সহযোগত ভাৰতত টিকাকৰণ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কনফেডাৰেশ্যন অব্‌ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি চমুকৈ CII-এ ছিৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়া চমুকৈ SII-ৰ সৈতে চুক্তিবদ্ধ হৈছে৷ বিস্তৃত অংশক সামৰি লোৱাৰ উদ্দেশ্যেৰে এই টিকাকৰণ অভিযানে লক্ষ্য হিচাপে ল’ব সৰু নগৰ আৰু গ্ৰাম্য অঞ্চলৰ জনসাধাৰণক৷ যোৱা ৩০ জুলাইত এক আনুষ্ঠানিক বিবৃতিত CII-ৰ সভাপতি টি ভি নৰেন্দ্ৰনে কয় যে কিমান সোনকালে ভেক্‌চিন ল’ব পৰা লোকক ভেক্‌চিন দিব পৰা হয় আৰু অৰ্থনৈতিক কাম-কাজ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে তাৰ ওপৰতে নিৰ্ভৰ কৰিছে ভাৰতৰ কভিডোত্তৰ বিকাশ৷ জ’নসমূহ, চিকিৎসালয় আৰু কৰ্পৰেটক ফাষ্ট-ট্ৰেক টিকাকৰণৰ সৈতে সংযোগ কৰাই হৈছে CII-ৰ লক্ষ্য আৰু ছিৰাম ইন্‌ষ্টিটিউটৰ সৈতে সহযোগিতাই জনসাধাৰণৰ সৈতে সংযোগত অনুঘটকৰ কাম কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here