Delta ভেৰিয়েণ্টে মধ্য প্ৰাচ্যত আৰম্ভ কৰালে কভিডৰ চতুৰ্থ ঢৌ

0
1173
বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কৰ’নাৰ Delta ভেৰিয়েণ্টে মহামাৰীৰ প্ৰকোপ বৃদ্ধি কৰাৰ ফলত টিকাকৰণৰ হাৰ কম হৈ থকা মধ্য প্ৰাচ্যত কভিডৰ চতুৰ্থ ঢৌ আৰম্ভ হৈছে৷ সংস্থাই আৰু কয় যে প্ৰথমতে ভাৰতত পোৱা অত্যধিক সংক্ৰমণীয় এই ভেৰিয়েণ্ট মধ্য প্ৰাচ্যৰ মৰক্কোৰ পৰা পাকিস্তানলৈ ২২খন দেশ আৰু অঞ্চলৰ ভিতৰত ১৫খনতে পোৱা গৈছে৷ এটা বিবৃতিত বিশ্ব স্বাস্থ্য সংস্থাই কয়, Delta ভেৰিয়েণ্টৰ সঞ্চালনে পূব ভূমধ্য সাগৰীয় অঞ্চলৰ বহু দেশত কভিড-১৯ ৰোগী আৰু এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পূব ভূমধ্য সাগৰীয় অঞ্চলৰ সঞ্চালক আহমেদ আল-মান্দহাৰিয়ে কয় যে নতুনকৈ সংক্ৰমণ হোৱা আৰু চিকিৎসালয়ত ভৰ্তি হোৱা বেছিভাগেই হৈছে ভেক্‌চিন নোলোৱা লোক৷ আমি এতিয়া কভিড-১৯ৰ চতুৰ্থ ঢৌত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here