অসমত ৰক্তহীনতাত ভোগামহিলাৰ সংখ্যা কিমান জানেনে?

0
335


অসমত অপুষ্টি আৰু ৰক্তহীনতাত ভোগা শিশু আৰু মহিলা সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন তথা চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনি সত্ত্বেও এইক্ষেত্ৰত ফলপ্ৰসূ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰিয়েই অপুষ্টি ভোগা শিশুৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰকো চেৰ পেলাইছে অসমে৷ তথ্য মতে অপুষ্টিৰ ফলত পাঁচ বছৰ বয়সৰ তলৰ ৰাজ্যৰ ৩৫.৩ শতাংশ শিশুৰ শাৰীৰিক বিকাশ বাধাগ্ৰস্ত হৈছে৷ ইফালে কম বয়সতে মাতৃ হোৱাৰ ফলত ৰাজ্যৰ প্ৰায়সংখ্যক মহিলা আৰু তেওঁলোকৰ সন্তান ৰক্তহীনতাত ভোগা দেখা গৈছে৷ তথ্য অনুসৰি পাঁচ বছৰৰ তলৰ ৰাজ্যৰ ৬৮.৪ শতাংশ শিশুৱে ৰক্তহীনতাত আক্ৰান্ত৷ আনহাতে ৰক্তহীনতাত ভোগা ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সকৈ ৬৬.৪ শতাংশ মহিলা ৰক্তহীনতা ভোগা পৰিলক্ষিত হৈছে৷ এই বয়সত ৰক্তহীনতাত ভোগা গৰ্ভৱতী মহিলাৰ সংখ্যা হ’ল ৫৪.২ শতাংশ৷ একেদৰে ৰক্তহীনতাত ভোগা ১৫ ৰপৰা ১৯ বছৰৰ যুৱতীৰ সংখ্যা হৈছে ৬৭ শতাংশ৷ এই তথ্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে ৰাজ্যখনত কিদৰে প্ৰতিবছৰে শিশু আৰু মহিলাই ৰক্তহীনতাত আক্ৰান্ত হ’বলগীয়া হৈছে৷ বিশেষজ্ঞৰ মতে ৰাজ্যখনৰ এনে পৰিস্থিতিৰ মুলতে দায়ী বাল্য বিবাহ৷ কিয়নো কম বয়সতে সন্তান জন্ম দিয়াৰ ফলত মাতৃগৰাকীৰ স্বাস্থ্য ভাগি পৰে৷ যাৰ বাবে বিভিন্ন ৰোগে দেখা দিব পাৰে৷ ৰাজ্যখনত অপুষ্টি আৰু ৰক্তহীনতাত ভোগা শিশু-মাতৃৰ এই পৰিসংখ্যাই ইয়াকে প্ৰমাণ কৰে৷ অনাগত দিনত এই গুৰুতৰ বিষয় লৈ চৰকাৰে সুদূৰ প্ৰসাৰী চিন্তা কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here