দেশত প্ৰথম ঘটনা : লিংগ পৰিৱৰ্তনৰ পাছতো জন্ম দিব সন্তানৰ

0
254


কেৰালাৰ কোঝিকোড় চহৰৰ বাসিন্দা জিয়া আৰু জাহাদ৷ ল’ৰা হিচাপে জন্মগ্ৰহণ কৰিছিল জিয়া৷ কিন্তু চলন-ফুৰণ, ভাব-ভংগী ছোৱালীৰ দৰে, মনত নিজকে ছোৱালীৰ দৰে কৰি লৈছিল৷ নিজে স্বাৱলম্বী হোৱাৰ পাছত নিজেই লিংগ পৰিৱৰ্তন কৰিছিল জিয়াই৷ প্ৰায় একেখিনি কথাই জাহাদৰ ক্ষেত্ৰতো দেখা হৈছিল৷ ছোৱালী হিচাপে জন্ম হৈছিল যদিও লিংগ পৰিৱৰ্তন কৰি ল’ৰাৰ ৰূপ লৈছিল৷ বহু কঠিন সময় পাৰ কৰি দুয়ো একেলগে আছিল স্বামী-স্ত্ৰী হিচাপে৷ তিনি বছৰ একেলগে থকাৰ পাছত জিয়াই মাক হোৱাৰ ইচ্ছা প্ৰকাশ কৰে৷ জন্মসূত্ৰে যিহেতু জাহাদ ছোৱালী আছিল, কিন্তু লিংগ পৰিৱৰ্তন কৰাৰ পাছতো গৰ্ভধাৰণ কৰে৷ জিয়াই দাবী কৰা মতে ৰূপান্তৰিত যুগল হিচাপে তেওঁ দেশৰ প্ৰথম স্বাভাৱিকভাৱে পিতৃ-মাতৃ হোৱাৰ দিশে আগবাঢ়িছে৷ বৰ্তমান আঠ মাহত গৰ্ভধাৰণ কৰি আছে জাহাদে৷ এটি সম্পূৰ্ণ সুস্থ সন্তান জন্ম দিয়াৰ আপ্ৰাণ আশা তেওঁলোকৰ৷ সম্প্ৰতি উক্ত ঘটনাটোৱে ছ’চিয়েল মিডিয়াই বেছ খলকনি তুলিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here