প্ৰথমটো মহাকাশ শিশুৰ জন্মৰ পৰিকল্পনা সম্পূৰ্ণ : নিৰ্ধাৰণ হ’ল চন

0
139

মহাকাশত মানুহৰ পদাৰ্পণ কৰাৰ বহু বছৰেই হ’ল৷ ইতিমধ্যে মহাকাশৰ পৰা বিজ্ঞানীয়ে এটাৰ পাছত আন এটা বহু কথাই আৱিষ্কাৰ কৰিলে৷ তথাপিও যে অন্ত নাই বিজ্ঞানীৰ দলৰ৷ নানা তথ্য উদঘাটন কৰা চেষ্টা অব্যাহত ৰাখিছে বিভিন্ন  ৰাষ্ট্ৰৰ বিজ্ঞানীৰ দলে৷ এই আৱিষ্কাৰ তথা তথ্যৰ ভিতৰতে এটা কথা সঘনাই উচ্চাৰণ হৈ আহিছিল যে মহাকাশত সন্তান জন্ম দিব পৰাৰ পৰিৱশে হ’ব নে নাই৷ অৰ্থাৎ সন্তান জন্ম হোৱাৰ অনুকূল পৰিৱেশ মহাকাশত কেতিয়া হ’ব এই লৈ বিভিন্ন সময়ত নিৰৱচ্ছিন্নভাৱে পৰীক্ষা-নিৰীক্ষা চলি আছিল৷ ইয়াৰ উত্তৰত শেহতীয়াভাৱে নেদাৰলেণ্ড আৰু ব্ৰিটেইনৰ বিজ্ঞানীৰ দলে দাবী কৰিছে যে ২০২৮ চনলৈ প্ৰথমটো মহাকাশ শিশুৰ জন্ম দিয়াটো সম্ভৱপৰ হ’ব৷ ইয়াৰ বাবে ইতিমধ্যে পূৰ্ণতাৰে পৰীক্ষা চলাই আছে৷ মহাকাশত সন্তান জন্ম দিয়াৰ বাবে আই ভি এফ পদ্ধতি লোৱা হ’ব৷ আই ভি এফ পদ্ধতিৰে মহাকাশত মানৱ ভ্ৰূণ সৃষ্টি কৰা হ’ব আৰু এই ভ্ৰূণেৰে পৃথিৱীত সন্তান জন্ম দিয়াটো সম্ভৱপৰ হৈ উঠিব৷ মহাকাশত সৃষ্টি কৰা মানৱ ভ্ৰূণ পৃথিৱীলৈ আনি মহিলাৰ গৰ্ভত সোমোৱাই দিয়া হ’ব৷ পৰৱৰ্তী সময়ত এই শিশুকে মহাকাশ শিশু হিচাপে অভিহিত কৰা হ’ব৷ জানিব পৰা মতে মহাকাশত ১৮-২৪ মাহৰ ভিতৰতে মানৱ ভ্ৰূণ সৃষ্টি কৰিব পৰা যাব৷ উল্লেখ্য যে ইতিমধ্যে ১০ লাখ লোকে প্ৰথমটো মহাকাশ শিশুৰ ভ্ৰূণ ধাৰণৰ বাবে নাম পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here