আপেলৰ কি আছে এনেঅসাধাৰণ গুণ জানো আহক

0
470

আপেল সকলোৰে বাবে এবিধ প্ৰিয় ফল৷ ৰঙা চিকচিকীয়া আপেলকেইটা দেখিলে কাৰনো খাবলৈ মন নাযায়৷ খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে ই স্বাস্থ্যৰ শ্ৰীবৃদ্ধিৰ বাবেও যথেষ্ট উপকাৰী৷ প্ৰাচীন কালত গ্ৰীকসকলে আপেলক যৌৱন সঞ্জীৱনী হিচাপে ব্যৱহাৰ কৰিছিল৷ কিয়নো আপেলে আমাৰ শুক্ৰাণু গঠন হোৱাত যথেষ্ট সহায় কৰে৷ যিয়ে যৌৱন অটুট ৰখাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে৷
ইয়াৰ উপৰি আপেলে মূত্ৰাশয়ৰ পাথৰ নাশ কৰিব পাৰে৷ ইয়াৰ বাবে চাৰিটামান আপেলৰ বাকলি গুচাই সৰু সৰুকৈ কাটি এক লিটাৰ পানীত বিশ মিনিটমান উতলাই ঠাণ্ডা কৰি সেই পানী খাব লাগে৷ এনেদৰে খোৱাৰ ফলত মূত্ৰাশয়ৰ পাথৰ গলি প্ৰস্ৰাৱৰ লগত ওলাই আহে৷
ৰাতিপুৱা কফিৰ পৰিৱৰ্তে আপেল খালে ই বহু দেৰিলৈ আমাৰ শৰীৰটোক সক্ৰিয় আৰু সতেজ কৰি ৰাখে৷ ইয়াত পোৱা প্ৰাকৃতিক চেনিয়ে কেফেইনৰ দৰে কাম কৰে৷
আপেলত প্ৰচুৰ পৰিমাণে আইৰন পোৱা যায়, যিয়ে শৰীৰত হিম’গ্লবিন বৃদ্ধিত যথেষ্ট সহায় কৰে৷
সৌন্দৰ্যচৰ্চাতো আপেল যথেষ্ট উপকাৰী৷ একাপ দৈত এটা আপেলৰ ৰস মিশ্ৰণ কৰি ছালত লগালে ছাল নিমজ আৰু উজ্জ্বল হয়৷
ধূমপান কৰাসকলে নিতৌ দুটাকৈ আপেল খোৱা উচিত৷ কিয়নো ইয়াত থকা পেক্টিনে বিষাক্ত দ্ৰব্যবোৰ শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰে৷
মানসিক চিন্তা দূৰ কৰাত আপেল উপকাৰী৷ গতিকে নিতৌ এটাকৈ আপেল খাই শৰীৰ সুস্থ কৰাৰ লগতে মনটোক প্ৰফুল্লিত কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here