অসমত চাউলৰ পৰা ইথানল প্ৰস্তুতৰ চিন্তা

0
400

ৰাজ্যত পেট্ৰল পাম্পবোৰত পেট্ৰলত ইথানলৰ মিশ্ৰণক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে ইয়াৰ কোনো শংকাৰ কাৰণ নাই বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে৷ কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে ২০২৫ চনৰ ভিতৰত দেশে ২০ শতাংশ ইথানল বাইণ্ডিং তেল প্ৰস্তুত কৰিব বুলি উল্লেখ কৰি কুঁহিয়াৰ, বাঁহ, চাউল, ধান, খেৰৰ পৰাও ইথানল উৎপাদন সম্ভৱ বুলি জানিবলৈ দিয়ে৷ তেওঁ লগতে কয় যে অসমত চাউলৰ পৰা ইথানল প্ৰস্তুত কৰাৰ কথা চিন্তা কৰা হৈছে৷ ইতিমধ্যে ৭টা কোম্পানীৰ লগত চুক্তিও চৰকাৰৰ হৈ গৈছে৷ ইফালে এছিয়া মহাদেশৰ ভিতৰতে প্ৰথম অসমৰ স্বাভিমানৰ প্ৰতীক ডিগবৈ শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ অনাগত দিনত ১ মিলিয়নলৈ বৃদ্ধি হ’ব ডিগবৈ শোধনাগাৰৰ উৎপাদন ক্ষমতা৷ আনহাতে দীৰ্ঘদিনীয়া প্ৰতিবাদ-আন্দোলনৰ পাছত ৰাজ্যবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছে আন এক সু-খবৰ৷ এমাহৰ ভিতৰত অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় স্থানান্তৰ হ’ব অসমলৈ৷ গুৱাহাটীৰ বামুণীমৈদামত স্থাপন কৰা হ’ব স্থায়ী কাৰ্যালয়টো৷ ইতিমধ্যে ৰাজ্য চৰকাৰে কাৰ্যালয়টোৰ বাবে আগবঢ়াইছে ৭ বিঘা মাটি৷ কাৰ্যালয়টোৰ বাবে ডিজাইন প্ৰস্তুত হোৱাৰ লগতে নিবিদা আহ্বান কৰা হৈছে৷ শেহতীয়াভাৱে গুৱাহাটীৰ ভঙাগড়ৰ এটা ভাৰাঘৰৰ পৰাই চলিব অইল ইণ্ডিয়াৰ কাম-কাজ৷ এইদৰে  জনায় কেন্দ্ৰীয় পেট্ৰলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ৷ উত্তৰ গুৱাহাটীস্থিত এ পি জি বটলিং প্লাণ্ট পৰিদৰ্শন কৰিবলৈ আহি এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here