অসমত প্ৰস্তুত পেইন ৰিলিফ আমেৰিকাত সমাদৃত

0
466

অসমত প্ৰস্তুত কৰাএবিধ বিশেষ সামগ্ৰীয়ে আমেৰিকাত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে কৰা এই সমগ্ৰীবিধ হৈছে এবিধ মলম৷ বৰদলৈ বায়’টেক নামৰ প্ৰতিষ্ঠানত উৎপাদন কৰা এই মলমটোৰ নাম হাৰ্বোজইণ্ট প্লাছ৷ আমেৰিকাত বিজ্ঞানী হিচাপে কৰ্মৰত বিনয় বৰদলৈ এই বৰদলৈ বায়’টেকৰ প্ৰতিষ্ঠাপক৷ তদুপৰি তেওঁ  ২০০২ চনৰ পৰা ২০১০ চনলৈ জনছন এণ্ড জনছন কোম্পানীৰ প্ৰধান বিজ্ঞানী হিচাপে কাম কৰিছিল৷ উল্লেখ্য যে আমেৰিকাত সাধাৰণতে যিকোনো সামগ্ৰী বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰা নহয়৷ সামগ্ৰীবিধৰ ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছতহে বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰা হয়৷ তেনে ক্ষেত্ৰত অসমত উৎপাদিত এবিধ সামগ্ৰী আমেৰিকাত বিক্ৰী হোৱাটো উৎসাহজনক খবৰ৷ এই মলমবিধ হৈছে বিষমুক্ত কৰা মলম৷ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে নিৰ্মাণ কৰা হৈছে এই ‘পেইন ৰিলিফ’ মলমটো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here