কি কি গুণেৰে সমৃদ্ধ শিলিখা

0
450

শিলিখা হ’ল সৰ্বশ্ৰেষ্ঠ গুণেৰে ভৰা এবিধ ফল । ইয়াক বনৌষধিৰ ৰজা বুলি কোৱা হয় । পশ্চিম বংগত ইয়াৰ খেতি কৰা হয় । আমাৰ শৰীৰৰ নানান সৰু-বৰ বেমাৰত শিলিখা ব্যৱহাৰ কৰা হয় । চুলি সৰা কমাবলৈ শিলিখা ব্যৱহাৰ হয় । বহু লোকে উফি আৰু ওকণি নিয়ন্ত্ৰণ কৰিবলৈ শিলিখা ব্যৱহাৰ কৰা হয় । দৈনিক শিলিখাৰ তেল ব্যৱহাৰ কৰিলে আমাৰ চুলিসমূহ উজ্জ্বল , মিহি আৰু ধুনীয়া হয় । শিলিখাত প্ৰচুৰ পৰিমাণে ভিটামিন E পোৱা যায় । শিলিখাত বিভিন্ন ধৰণৰ মিনাৰেল পোৱা যায়, যি আমাৰ ছালৰ কাৰণেই খুবেই ভাল । শিলিখা খালে দেহৰ অলাগতিয়াল টক্সিনবোৰ ওলাই যোৱাত সহায় হয় । তাৰোপৰি যিকোনো ধৰণৰ ছালৰ ৰোগত শিলিখা উপযোগী । শিলিখাই আমাৰ পাচন প্ৰণালীটো শক্তিশালী কৰি তোলে । দৈনিক এটাকৈ শিলিখা খালে উপকাৰ লাভ কৰিব পাৰে । শিলিখাই শৰীৰ তেজ পৰিষ্কাৰ কৰাত সহায় কৰে । গেছ, আলচাৰ , বুকু জ্বলা আদি ৰোগত শিলিখা উপযোগী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here