অমিক্ৰনৰ আতংক দেশত নতুন SOP

0
601

কেন্দ্ৰীয় চৰকাৰে ভাৰতলৈ অহা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ বাবে SOP-ৰ কিছুমান সালসলনি ঘটাইছে৷ যিবিলাক দেশত অমিক্ৰন ধৰা পৰিছে সেইবোৰ দেশৰ পৰা বিমানেৰে ভাৰতলৈ অহা লোকসকলে কিছুমান নিয়ম পালন কৰিব লাগিব৷ ভাৰতলৈ অহা প্ৰতিজন আন্তঃৰাষ্ট্ৰীয় যাত্ৰীয়ে এখন স্ব-ঘোষিত প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু নিগেটিভ আৰ টি-পি চি আৰ ৰিপ’ৰ্ট দেখুৱাব লাগিব৷ যদি এই দুটা চৰ্ত পূৰণ নকৰে, তেন্তে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব৷ ‘এট্‌-ৰিস্ক্‌’ অৰ্থাৎ বিপদৰ আশংকা থকা দেশবোৰৰ পৰা অহা, যেনে– দক্ষিণ আফ্ৰিকা, যাত্ৰীসকলে ভাৰতত উপস্থিত হোৱাৰ পাছত RTPCR টেষ্টিঙৰ বাবে নমুনা দিব লাগিব৷ পজিটিভ পালে কোৱাৰেণ্টাইনত ৰখা হ’ব আৰু সংগ্ৰহ কৰা নমুনা জিনম ছিকুৱেন্সিঙৰ কাৰণে প্ৰেৰণ কৰা হ’ব৷ যদি ব্যক্তিজন অমিক্ৰনৰ সংক্ৰমণ হোৱা বুলি ধৰা পৰে তেন্তে আছুতীয়াকৈ থকাৰ কঠোৰ নিয়ম প্ৰযোজ্য হ’ব৷ এট্‌-ৰিস্ক্‌ দেশবোৰৰ পৰা অহা লোকসকল, যিসকলৰ টেষ্ট নিগেটিভ পোৱা হয়, সেইসকল সাত দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব৷ অষ্টম দিনা তেওঁলোকক পুনৰ পৰীক্ষা কৰা হ’ব৷ বিপদৰ আশংকা নথকা দেশবোৰৰ পৰা অহাসকলৰ ৰেণ্ডম RTPCR টেষ্ট কৰা হ’ব৷ অৱশ্যে পজিটিভ পোৱা যিকোনো ব্যক্তিৰ নমুনা জিনম ছেকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হ’ব আৰু ব্যক্তিজনক কোৱাৰেণ্টাইন কৰা হ’ব৷ বিপদৰ আশংকা নথকা বুলি গণ্য কৰা দেশবোৰৰ পৰা অহাসকলৰ নমুনা নিগেটিভ পালেও তেনে লোকসকলক কমেও দুসপ্তাহৰ বাবে নিজকে নিৰীক্ষণ কৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে৷ আনহাতে অমিক্ৰন নামৰ কভিড-১৯ৰ নতুন ৰূপটোৰ কাৰণে জনসাধাৰণক সজাগ হ’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনায়৷ তেওঁ কয় যে এটা নতুন ৰূপৰ প্ৰাদুৰ্ভাৱৰ বাতৰিয়ে আমাক আৰু বেছি সতৰ্ক কৰি দিছে৷ মই সংসদক আৰু জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছোঁ, কাৰণ সংকটৰ এই সময়ত প্ৰতিজন নাগৰিকৰ স্বাস্থ্য এটা অগ্ৰাধিকাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here