কৰিমগঞ্জ এতিয়া ড্ৰাগ্‌ছ সৰবৰাহৰ বৃহৎ কৰিড’ৰ || Karimganj now a major corridor for drug smuggling

0
382
যোৱা ২৮ নৱেম্বৰত মিজোৰামৰ পৰা অসমত প্ৰৱেশৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা বিভাগে ১৩৪ বেটেলিয়নক লগত লৈ হেৰ’ইনসহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ মিজোৰামৰ পৰা আন্তঃৰাজ্যিক ড্ৰাগ্‌ছ মাফিয়াই ৰাতাবাৰীৰ ছোট ভূবিৰবন্দ সীমান্তক কৰিড’ৰৰূপে ব্যৱহাৰ কৰি আনিপুৰ জামুয়াং পথেৰে ৰাজ্যত ড্ৰাগ্‌ছ সৰবৰাহ কৰি অহাৰ তথ্য লাভ কৰি সাধাৰণ পোছাকত সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা শাখা আৰু ১৩৪নং বেটেলিয়নে আনিপুৰ জামুয়াং পথত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি থাকে৷ নিশা আঠমান বজাত মিজোৰামৰ পৰা ছোট ভূবিৰবন্দ সীমান্ত পাৰ হৈ অসমত প্ৰৱেশৰ সময়ত নিভিয়া বজাৰত এ এছ- ১২-ডি-১৯৬৯ নম্বৰৰ এখন অল্ট’ গাড়ী অহাত তালাচী চলাই ৬০৫ গ্ৰাম হেৰ’ইন জব্দ কৰে৷ লগতে ড্ৰাগ্‌ছ সৰবৰাহৰ সৈতে জড়িত দুই মিজো নাগৰিক লালথাংগা আৰু জোৰাম মাওইআইছসহ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী এলেকাৰ জামিল আহমেদ নামৰ এজনক আটক কৰে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত হেৰ’ইনখিনিৰ মূল্য চাৰি কোটি টকা হ’ব বুলি বি এছ এফৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ উল্লেখ্য যে পৃথক পৃথক অভিযানত সীমান্ত সুৰক্ষাৰ বাহিনীৰ চোৰাংচোৱা বিভাগে ১৭ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ কৰাৰ লগতে চাৰিটা সৰবৰাহকাৰীক আটক কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here