অভিলেখ : চেৰাপুঞ্জীত এদিনতে ৮১১.৬ মিলিমিটাৰ বৰষুণ

0
213

সমগ্ৰ উত্তৰ-পূবত বাৰিষা কাল ইতিমধ্যে আৰম্ভ হ’ল আৰু পঞ্চমটোত ধাৰাসাৰ বৰষুণ হৈ আছে৷ মেঘালয়ৰ চেৰাপুঞ্জীত ১৫ জুনৰ পুৱা ৮-৩০ বজালৈকে বিগত ২৪ ঘণ্টাত ৮১১.৬ মিলিমিটাৰ বৰষুণ হয়৷ জুনত ইমান বেছি বৰষুণ ১৯৯৫ চনৰ পৰা এয়ে সৰ্বাধিক৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই কথা কয়৷ আনহাতে চেৰাপুঞ্জীৰ পৰা ১০ কিল’মিটাৰ এৰিয়েল ডিষ্টেন্সত থকা ভাৰতৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই মৌচিনৰামত এই সময়ছোৱাত ৭১০.৬ মিলিমিটাৰ বৰষুণ হয়৷ এই পৰিমাণ ১৯৬৬ চনৰ জুনৰ পৰা আটাইতকৈ বেছি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here