WTO-ৰ সিদ্ধান্তত বন্ধ হ’ব পাৰে ভাৰতীয় মাছমৰীয়াৰ ৰাজসাহায্য

0
394

ভাৰতীয় মাছমৰীয়াসকলক দিয়া চৰকাৰী ৰাজসাহায্যই সম্প্ৰদায়টোক তেওঁলোকৰ জীৱিকাৰ বাবে মাছ ধৰা কাম-কাজ কৰাত সহায় কৰে আৰু এনে ৰাজসাহায্য বিশ্ব বাণিজ্য সংগঠন চমুকৈ ডব্লিউ টি অ’ৰ চুক্তি এখনৰ দ্বাৰা বন্ধ কৰাৰ পদক্ষেপ লোৱা হৈছে৷ তাৰ ফলত লাখ লাখ মাছমৰীয়া আৰু তেওঁলোকৰ পৰিয়ালবোৰত প্ৰভাৱ পৰিব আৰু দৰিদ্ৰ হৈ পৰিব৷ 
প্ৰস্তাৱিত ‘ফিছাৰিজ ছাবছিডিজ এগ্ৰিমেণ্ট’ৰ অধীনত ডব্লিউ টি অ’ৰ উন্নত সদস্য ৰাষ্ট্ৰবোৰে ৰাজসাহায্যৰ অন্ত পেলাবলৈ হেঁচা দিছে৷ ইয়াত চলি থকা ডব্লিউ টি অ’ৰ সন্মিলনত প্ৰস্তাৱটো আলোচনা কৰি থকা হৈছে৷ উল্লেখ্য যে চীন, ই ইউ আৰু আমেৰিকাই দিয়াৰ দৰে ভাৰতে মাছমৰীয়াসকলক বিশেষ ৰাজসাহায্য নিদিয়ে৷ 
২০১৬ চনৰ চেণ্ট্ৰেল মেৰিন ফিছাৰিজ ৰিছাৰ্চ ইনষ্টিটিউট চমুকৈ চি এম এফ আৰ আইৰ গণনা মতে, ভাৰতৰ ৯ লাখ পৰিয়ালৰ মুঠ ৩.৭৭ মিলিয়ন লোক মাছমৰীয়া৷ মাছমৰীয়া পৰিয়ালবোৰৰ প্ৰায় ৬৭.৩ শতাংশ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ শ্ৰেণীৰ৷ এটা সূত্ৰই কয় যে ভাৰতৰ মাছমৰীয়াসকলক দিয়া ৰাজসাহায্য বন্ধ কৰিলে বহু মাছমৰীয়া আৰু তেওঁলোকৰ পৰিয়ালবোৰত প্ৰভাৱ পৰিব আৰু তেওঁলোক দুখীয়া হ’ব৷ ডব্লিউ টি অ’ৰ সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিছে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here