কাৰ্যক্ষমতা, যৌন ক্ষমতা বঢ়ায় এইবিধ শস্যই

0
218

বুট আমাৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত উপযোগী এবিধ শস্য৷ কাৰণ বুটত নানা ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়৷ ইয়াৰ ভিতৰত অন্যতম উপাদানবিধ হ’ল প্ৰ’টিন৷ ইয়াৰ উপৰি বুটত আইৰন, কপাৰৰ দৰে শৰীৰৰ বাবে লাগতিয়াল উপাদান থাকে৷ এই উপাদানবোৰে মানৱদেহৰ শক্তি তথা কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ বুটত থকা কপাৰে শৰীৰৰ তেজৰ সঞ্চালন উন্নত কৰাৰ উপৰি শৰীৰত তেজৰ পৰিমাণ সমতুল কৰি ৰাখে৷ সেয়েহে শৰীৰত তেজৰ পৰিমাণ নকমিবলৈ শৰীৰ সুস্থ কৰি ৰাখিবলৈ গৰ্ভৱতী মহিলাক চিকিৎসকে বুট খোৱাৰ পৰামৰ্শ দিয়ে৷ আয়ুৰ্বেদত উল্লেখ কৰা মতে পুৰুষৰ যৌনস্বাস্থ্য ধৰি ৰখাৰ বাবে বুট উপযোগী৷ বুট খালে শৰীৰ সুস্থ থকাৰ লগতে শৰীৰক শক্তিৰ চাহিদা পূৰণ কৰে৷ এইক্ষেত্ৰত গজালি ওলোৱা বুট বা মগু যথেষ্ট ভাল৷ অংকুৰিত বুটে যৌন জীৱন সুখকৰ কৰে৷
বুটত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় বাবে পেটৰ কাৰণে খুব উপকাৰী৷ বুটে হজম শক্তি উন্নত কৰে৷
ফাইবাৰ সমৃদ্ধ বুটে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ কাবুলি বুটে দেহত শক্তি যোগোৱাৰ উপৰি বহু সময় ধৰি পেটভৰ্তি কৰি ৰাখে৷ ইয়াৰ ফলত ক্ষুধা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷
আনহাতে দেহত কলেষ্টৰেলত মাত্ৰা বাঢ়ি গ’লে কেঁচা বুটে ইয়াৰ মাত্ৰা কমোৱাই ভাৰসাম্য কৰি ৰাখে৷
যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, সেইসকল লোকে নিয়মিতভাৱে বুট খালে সুফল পাব৷ বুটত থকা পটাচিয়াম আৰু মেগনেচিয়ামে মানৱদেহৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here