অভিলেখ : খাদ্য শস্যৰ সামগ্ৰিক উৎপাদন বাঢ়িব

0
167

২০২১-২২ শস্য বৰ্ষত ভাৰতৰ ঘেঁহুৰ উৎপাদন প্ৰায় ৩ শতাংশ কমি ১০৬.৮৪ মিলিয়ন টন হোৱা বুলি চৰকাৰে পূৰ্বানুমান কৰিছে৷ আনহাতে খাদ্য শস্যৰ সামগ্ৰিক উৎপাদন অভিলেখ পৰিমাণৰ ৩১৫.৭২ মিনিয়ন টন হোৱা বুলি পূৰ্বানুমান কৰা হৈছে৷ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে ঘেঁহুৰ উৎপাদন কমা বুলি অনুমান কৰা হৈছে৷ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে পঞ্জাব আৰু হাৰিয়ানাত ঘেঁহুৰ উৎপাদন কমে৷ ২০২১-২২ শস্য বৰ্ষৰ বাবে চতুৰ্থটো আগতীয়া আনুমানিক হিচাপ মুকলি কৰি কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ে কয় যে চাউল, গোমধান, বুট, মাহজাতীয় শস্য, ৰেপছীড আৰু সৰিয়হ, তৈল বীজ আৰু কুঁহিয়াৰৰ উৎপাদন অভিলেখ পৰিমাণৰ হ’ব৷ ২০২১-২২ শস্য বৰ্ষ আছিল ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ জুনলৈ৷ 
দেশখনৰ খাদ্য শস্যৰ সামগ্ৰিক উৎপাদন ২০২২ চনৰ জুনত অন্ত পৰা শস্য বৰ্ষত অভিলেখ পৰিমাণৰ ৩১৫.৭২ মিলিয়ন টন হ’ব বুলি অনুমান কৰা হৈছে৷ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে ইমানবোৰ শস্যৰ উৎপাদন অভিলেখ পৰিমাণৰ হোৱাৰ কাৰণ হ’ল চৰকাৰৰ কৃষক-অনুকূল নীতি আৰু লগতে কৃষকসকলৰ কঠোৰ শ্ৰম আৰু বিজ্ঞানীসকলৰ কৰ্তব্যনিষ্ঠা৷ ২০২০-২১ বৰ্ষত দেশখনত ঘেঁহু, চাউল, মাহজাতীয় শস্যকে ধৰি খাদ্য শস্য উৎপাদন হৈছিল ৩১০.৭৪ মিলিয়ন টন৷ চৰকাৰৰ আনুমানিক হিচাপ মতে, ২০২১-২২ শস্য বৰ্ষত ঘেঁহুৰ উৎপাদন ১০৬.৮৪ মিলিয়ন টনলৈ কমিব৷ আগৰ বছৰ উৎপাদন হৈছিল ১০৯.৫৯ মিলিয়ন টন৷ চাউলৰ উৎপাদন আগৰ বছৰ আছিল ১২৪.৩৭ মিলিয়ন টন৷ এই বছৰ ১৩০.২৯ মিলিয়ন টন হ’ব বুলি অনুমান কৰা হৈছে৷ সেইদৰে আনবোৰ শস্যৰ উৎপাদনো বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here