বৰ্জনীয় প্লাষ্টিকৰ ব্যৱহাৰ এশ শতাংশ কোনে কৰিলে বৰ্জন

0
805

দেশৰ শীৰ্ষস্থানৰ ক্ষিপ্ৰ বিকশিত প্ৰত্যক্ষ বিক্ৰী কোম্পানীসমূহৰ ভিতৰত অন্যতম এমৱে’ ইণ্ডিয়াই ইয়াৰ পৰিবৰ্ধিত উৎপাদক দায়বদ্ধতা আৰু এমৱে’ৰ উৎপাদন কেন্দ্ৰৰ  বৰ্জনীয় প্লাষ্টিকৰ ১০০% ৰিচাইকল তথ্যৰ ভিত্তিত ১০০% প্লাষ্টিক ব্যৱহাৰ নাইকিয়া কৰি প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ বৰ্জন কৰা কোম্পানীৰূপে পৰিগণিত হৈছে৷ কোম্পানীটোৱে শেহতীয়াভাৱে গ্ৰাহকে ব্যৱহাৰ কৰা ৮০০ মেট্ৰিক টন প্লাষ্টিকৰ বৰ্জনীয় সামগ্ৰী সংগ্ৰহ আৰু ৰিচাইকল কৰিছে যি বিভিন্ন আকাৰৰ বটল, টিউব, কেপ, জাৰ বা সৰু সৰু পেকেটকে ধৰি প্ৰায় ৫ কোটি ইউনিট বৰ্জনীয় প্লাষ্টিকৰ দ্ৰব্যৰ সমাৰ্থক দ্ৰব্য ৰূপে পৰিগণিত হ’ব৷ 
তদুপৰি কোম্পানীটোৱে প্লাষ্টিকৰ ব্যৱহাৰ নাইকিয়া কৰাৰ উদ্দেশ্যৰে ১০০%-ৰো অধিক ক্ষতিকাৰক দ্ৰব্য আৰু বৰ্জনীয় প্লাষ্টিক ইয়াৰ নিৰ্মাণ প্ৰকল্পত ৰিচাইকল তথা পুনৰ ব্যৱহাৰ কৰিছে৷ এমৱে’ ইণ্ডিয়াই প্লাষ্টিকৰ বৰ্জনীয় দ্ৰব্য ব্যৱহাৰৰ পৰিচালনাৰ বাবে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সৈতে পঞ্জীয়নভুক্ত দেশৰ প্ৰথমটো ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে৷ মাটি আৰু পানী সংৰক্ষণ তথা শক্তি খণ্ডৰ নবীকৰণত অধিক গুৰুত্ব আৰোপ কৰি খেতি প্ৰক্ৰিয়াটো বাহাল ৰখাৰ দৰে কেতবোৰ উল্লেখজনক পদক্ষেপ এমৱে’ই গ্ৰহণ কৰিছে৷  পৰিৱেশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি পালন কৰি কোম্পানীটোৰ প্ৰকল্পস্থলীত নিম্নোক্ত ধৰণে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ শক্তি গ্ৰহণৰ প্ৰায় ৬৪% শক্তিয়েই বায়ু আৰু সৌৰশক্তিৰ পৰা লোৱা হৈছে৷ প্ৰায় ১০০,০০০ বৰ্গফুটৰ সৌৰশক্তি চালিত প্লেটযুক্ত আৰু পানী নিৰ্গমণৰোধযুক্ত তামিলনাডুৰ ভিতৰতে সৰ্ববৃহৎ সৌৰশক্তি ব্যৱহৃত প্ৰকল্প৷ প্ৰায় ৫০০০ কিল’লিটাৰ পানী সংৰক্ষণযুক্ত বৰষুণৰ পানী সংৰক্ষণৰ সুবিধা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here