জি আই টেগযুক্ত উত্তৰ-পূবৰ ২৩ বিধ শস্যৰ ভিতৰত ৮ বিধেই অসমৰ

0
272

উত্তৰ-পূৰ্বাঞ্চলৰ জি আই টেগযুক্ত ২৩ বিধ শস্যৰ ভিতৰত ৮ বিধ শস্যই অসমৰ বুলি সদৰী কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই৷ গুৱাহাটীত অনুষ্ঠিত ‘ভাইব্ৰেণ্ট নৰ্থ-ইষ্ট’ শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই কয় যে জি আই টেগযুক্ত অসমৰ কাজি নেমু, তেজপুৰৰ লিচু, কোমল চাউল, জহা চাউল, কাৰ্বি আংলঙৰ আদা, চকোৱা আদিয়ে ইতিমধ্যে বিশ্বৰ বজাৰৰ দুৱাৰডলি গচকিছে৷ এই শস্যসমূহক আন্তৰ্জাতিক পৰ্যায়ৰ বজাৰত সুলভ কৰাৰ বাবে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে আগবাঢ়ি অহা উচিত বুলি বৰাই উল্লেখ কৰে৷ তেওঁ আৰু কয় যে কৃষি আৰু উদ্যান শস্য বিভাগে উচ্চ
 মূল্য বিশিষ্ট শস্যসমূহৰ উৎপাদনৰ পৰা বিপণনলৈকে মূল্য শৃংখল গঢ়ি তোলাত গুৰুত্ব দিছে৷ এই শস্যসমূহৰ অধিক উপাদনৰ বাবে অত্যাধুনিক কৃষি প্ৰযুক্তিৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কৃষকৰ মাজত প্ৰতিকূল জলবায়ু সহনশীল জাতৰ ব্যৱহাৰ জনপ্ৰিয় কৰি তোলাৰ বাবেও মন্ত্ৰী বৰাই আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here