অভিযোগ ! ভাৰতীয় চাহত বেছি কীটনাশক, ৰাসায়নিক দ্ৰব্যৰ উপস্থিতি

0
863

ভাৰতীয় চাহ ৰপ্তানিকাৰী সংস্থা চমুকৈ আই টি ই এ-ৰ সভাপতি অংশুমান কানোৰিয়াই কয় যে গ্ৰহণযোগ্য সীমাতকৈ বেছি কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য থকাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰেতাবোৰে চাহৰ ভালেমান চালান নাকচ কৰি ঘূৰাই পঠিয়াইছে৷ চাহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত সংকটত জৰ্জৰ শ্ৰীলংকাই সৃষ্টি কৰা খালী ঠাইৰ সুযোগ ল’বলৈ টী ব’ৰ্ডে চেষ্টা চলাইছে৷ 
কিন্তু ভাৰতীয় চাহৰ চালানবোৰ নাকচ কৰাৰ কাৰণে ৰপ্তানি কমিছে৷ দেশখনত বিক্ৰী হোৱা সকলো চাহে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক কতৃৰ্পক্ষ চমুকৈ এফ এছ এছ এ আইৰ নীতি-নিয়ম বা মানৰ চৰ্ত পূৰণ কৰিব লাগে৷ অৱশ্যে অধিকাংশ ক্ৰেতাই অস্বাভাৱিকভাৱে বেছি ৰাসায়নিক দ্ৰব্য থকা চাহ কিনিছে বুলি কানোৰিয়াই কয়৷ 
২০১১ চনত ভাৰতে ৰপ্তানি কৰিছিল ১৯৫.৯০ মিলিয়ন কিল’গ্ৰাম চাহ৷ প্ৰধান ক্ৰেতা আছিল কমনৱেলথ অব্‌ ইনডিপেণ্ডেণ্ট ষ্টেট্‌ছৰ দেশবোৰ আৰু ইৰান৷ টী ব’ৰ্ডে এই বছৰ ৩০০ মিলিয়ন কিল’গ্ৰাম চাহ ৰপ্তানিৰ লক্ষ্য লৈছে৷ কানোৰিয়াই কয় যে বহু দেশে চাহ আমদানিৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম আৰোপ কৰিছে৷ অধিকাংশ দেশে ইউৰোপিয়ান ইউনিয়নৰ মানবোৰ মানি চলে৷ সেইবোৰ এফ এছ এছ এ আইৰ মানতকৈ বেছি কঠোৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here