ৰাতি মুখত ব্যৱহাৰ কৰক এইবিধ মুখৰ ৰঙেই সলনি হ’ব

0
698

গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে প্ৰখৰ ৰ’দৰ উত্তাপ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে৷ সূৰ্যৰ ৰশ্মিৰ পোহৰত ছাল পুৰিবলৈ আৰম্ভ কৰিছে৷ এই ঋতুত প্ৰখৰ ৰ’দৰ বাবে মুখত ব্ৰুন, পিম্পল, টানিং, ৰ’দত মুখত ক’লা দাগ, বলিৰেখা আৰু ফাইনলাইনৰ সমস্যা দেখা যায়৷ এই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপাদানবিধ হ’ল চন্দন৷ 
গৰমৰ দিনত ছালখন ঠাণ্ডা-শীতল কৰি ৰাখিবলৈ চন্দন অতি উপকাৰী৷ চন্দনত থকা এণ্টিইফ্লেমেটৰি বাবে ব্ৰুন বা ৰ’দত পোৰাৰ জ্বলন নিৰাময়, মুখৰ দাগ নিৰ্মূল কৰে৷ ইয়াৰ উপৰি ছালৰ জ্বলা-পোৰা ভাব, ছালৰ ক্ষতস্থান আদিত ব্যৱহাৰ কৰিব পাৰে৷ নৰম ছাল পাবলৈ চন্দনে সহায় কৰে৷ গৰমৰ সময়ত প্ৰখৰ ৰ’দে ছালখন প্ৰাণহীন কৰি তোলে৷ 
এনে পৰিস্থিতিত ছালত চন্দন ব্যৱহাৰ কৰিলে ছালখনৰ সৌন্দৰ্য ধৰি ৰাখে৷ ৰাতি শোৱাৰ সময়ত চন্দনৰ তেলেৰে ছালখনত মালিচ কৰি তেমেকৈ ৰাখি পুৱা কুহুমীয়া পানী ছালখন ধুই পেলাওক৷ তেনে কৰিলে ছালৰ উজ্জ্বলতা বঢ়াৰ লগতে ছালখনক সুৰক্ষা প্ৰদান কৰে৷ চন্দনৰ ফেচপেকৰ সহায়ত মুখখন ৰ’দে পোৱা সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ 
এটা পাত্ৰত এচামুচ দৈ, এচামুচ মৌ, অলপ নেমুৰ ৰস আৰু এচামুচ চন্দনৰ গুৰি লৈ ভালদৰে মিহলি কৰি এটা ফেচপেক প্ৰস্তুত কৰক৷ এই পেকটো মুখ, হাত আদি ভালদৰে লগাই শুকাই যোৱাৰ পাছত ভালদৰে ধুই দিয়ক৷ 
মুখৰ ক’লা দাগ, ছালবাৰ্ন আদি সমস্যাৰ পৰা ৰক্ষা পৰিব৷ আনহাতে ডাৰ্ক চাৰ্কল দূৰ কৰাত চন্দন অত্যন্ত কাৰ্যকৰী৷ তৈলাক্ত ছালৰ বাবে চন্দন খুবেই উপকাৰী৷ তৈলাক্ত ছালৰ গৰাকীয়ে গোলাপ জলৰ সৈতে চন্দৰ গুৰি মিহলাই ছালখনত ভালদৰে লগাই পাছত ধুই দিয়ে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here