বহু দেশে বেছি ধন ভৰি কম খাদ্য পাইছে : এয়া কাৰ তথ্য ?

0
257

এই বছৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য আমদানি বিল ১.৮ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ সম্ভাৱনা আছে আৰু সেইটো হ’লে এটা নতুন অভিলেখ সৃষ্টি হ’ব৷ কিন্তু খাদ্য আমদানি বিলৰ সম্ভাব্য বৃদ্ধিৰ অধিকাংশ হ’ব খাদ্য বস্তুৰ পৰিমাণতকৈ উচ্চ দাম আৰু পৰিবহণ ব্যয়ৰ কাৰণেহে৷ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠন চমুকৈ এফ এ অ’-এ মুকলি কৰা এখন নতুন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ 
শেহতীয়া প্ৰকাশ কৰা ‘ফুড আউটলুক’ত এফ এ অ’ই কয় যে উদ্বেগজনক কথা যে বহু স্পৰ্শকাতৰ দেশে বেছি ধন ভৰিছে কিন্তু কম খাদ্য পাইছে৷ আন্তঃৰাষ্ট্ৰীয় খাদ্য আমদানি বিল যোৱা বছৰতকৈ এই বছৰ ৫১ মিলিয়ন মাৰ্কিন ডলাৰ বাঢ়িব বুলি পূৰ্বানুমান কৰা হৈছে৷ 
তাৰ ভিতৰত ৪৯ বিলিয়ন মাৰ্কিন ডলাৰ বাঢ়িব উচ্চ দামৰ বাবে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে খাদ্য সুৰক্ষাৰ দিশৰ পৰা এইবোৰ উদ্বেগজনক বা চিন্তনীয় কথা৷ এইবোৰে ইংগিত দিয়ে যে আমদানিকৰ্তাসকল বৰ্ধিত আন্তঃৰাষ্ট্ৰীয় দামৰ জোৰা মাৰিবলৈ জটিলতাৰ সন্মুখীন হ’ব আৰু উচ্চ দাম দিয়াৰ সামৰ্থ্য নোহোৱা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here