ঠাণ্ডাৰ দিনত ৰ’দৰ উম লোৱাসকলৰ বাবে সুখবৰ || Good news for those who sunbathe in winter

0
558

গৰমৰ দিনত যিটো সূৰ্যৰ ৰ’দৰ পৰা মানুহে বাচিবলৈ গছৰ ছাঁ বিচাৰি ফুৰে, সেই একেটা সূৰ্যকে শীতৰ দিনত মানুহে কেতিয়া ৰ’দ দিব বুলি বাট চাই থাকে৷ শীতৰ দিনত ঘৰৰ ভিতৰৰ পৰা ওলাই আহি গাত ৰ’দ এচেৰেঙা পৰিলে দেহটো সতেজ আৰু সক্ৰিয় হৈ উঠে৷ আপুনিও যদি এইদৰে শীতৰ দিনত ৰ’দৰ উম লৈ ভাল পায়, তেন্তে ই আপোনাৰ বাবে সুখবৰ৷ কাৰণ সূৰ্যৰ ৰ’দে অকল দেহ সক্ৰিয়ই নকৰে, ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি শীতত হ’ব পৰা জ্বৰ, কাহ, চৰ্দি আদি ভাইৰেলজনিত ৰোগৰ আশংকা কমায়৷

Little Girl Lying On A Sandy Beach And Sunbathe In The Sun Stock Photo, Picture And Royalty Free Image. Image 27439774.

লগতে এইদৰে সূৰ্যৰ ৰ’দৰ পৰা ভিটামিন-D পোৱা যায়৷ যি আমাৰ শৰীৰৰ বাবে যথেষ্ট প্ৰয়োজনীয়৷ সূৰ্যই ৯০ শতাংশ ভিটামিন-D ৰ যোগান ধৰে, যিয়ে বিভিন্ন ৰোগৰ সৈতে মোকাবিলা কৰাৰ লগতে বয়স বৃদ্ধি হোৱাৰ প্ৰক্ৰিয়াও মন্থৰ কৰিব পাৰে৷
অকল এয়াই নহয়, ই মানসিক অৱসাদ দূৰ কৰি আপোনাৰ স্ত্ৰেচ কমোৱাতো সহায় কৰে৷
একেদৰে শীতত হোৱা গাঁঠিৰ বিষ, গাৰ বিষ আদিও কিছু পৰিমাণে সকাহ দিয়াব পাৰে সূৰ্যৰ ৰশ্মিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here