অতি সহজ উপায়েৰে বদহজম কেনেদৰে দূৰ কৰিব ?

0
825

পেটৰ বিভিন্ন সমস্যাসমূহৰ ভিতৰত বদহজমৰ সমস্যা অন্যতম৷ আমাৰ দৈনন্দিন খাদ্যাভ্যাস, অনিয়মিত খাদ্য গ্ৰহণ আনকি খাই উঠিয়েই লগে লগে শুই যোৱাৰ ফলতো কেতিয়াবা গেছ, এচিডিটি, শৌচ খোলোচা নোহোৱা আদি সমস্যাই দেখা দিব পাৰে৷ এনেধৰণৰ সমস্যা ৰোধ কৰাৰ কেইটামান ঘৰুৱা টিপছ জানো আহক–
তিয়ঁহত থকা ফাইবাৰে পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে৷ গতিকে নিয়মিতভাৱে তিয়ঁহ খোৱাৰ ফলত ডিহাইড্ৰেশ্যন, এচিডিটি আদি সমস্যা নিৰ্মূল কৰে৷
কলত থকা এণ্টিঅক্সিডেণ্ট আৰু পটেচিয়ামে বদহজম দূৰ কৰাত সহায় কৰে৷ দৈনিক দুটাকৈ কল খালে শৌচ খোলোচা হয়৷
পেটত গৰম সোমালেও বদহজম হ’ব পাৰে৷ ইয়াৰ বাবে নাৰিকলৰ পানী অতি উত্তম৷ নাৰিকলৰ পানী সেৱনৰ দ্বাৰা পাচন প্ৰক্ৰিয়া সুস্থ হৈ থাকে৷
তৰমুজত প্ৰচুৰ পৰিমাণে পানী থাকে৷ যি পেটত বিভিন্ন সমস্যা দূৰ ৰাত স হায়ক হয়৷ ইয়াত থকা লাইক’পিনে ছাল সুন্দৰ কৰি ৰখাৰ লগতে শৌচ খোলোচা কৰে৷
সদায় পুৱা নেমুৰ ৰসৰ লগত মৌজোল মিহলাই খালে বদহজম দূৰ হয়

LEAVE A REPLY

Please enter your comment!
Please enter your name here