অসমত HIV পজিটিভ প্ৰসূতিৰ সন্তান প্ৰসৱ

0
384

বি টি আৰৰ সদৰ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে এইচ আই ভি পজিটিভ এগৰাকী মাতৃয়ে অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্থ নৱজাত সন্তান প্ৰসৱ কৰা খবৰে চিকিৎসালয়খনৰ সফলতাৰ এক বাৰ্তা কঢ়িয়াই আনিছে৷ তিনি কেজি এশ গ্ৰাম ওজনৰ নৱজাতকটি সুস্থ অৱস্থাত থকা বুলি চিকিৎসালয় সূত্ৰে জনা গৈছে৷ বি টি আৰৰ মুখ্য সদৰ কোকৰাঝাৰ ৰূপনাথ ব্ৰক্ষ অসামৰিক চিকিৎসালয়খনত দীৰ্ঘদিনীয়া সুকীয়া অস্ত্ৰোপচাৰ কক্ষৰ যি সমস্যা শেহতীয়া বি টি আৰৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই দায়িত্বভাৰ গ্ৰহণৰ পাছত চিকিৎসালয়খনক এক নতুন মাত্ৰা প্ৰদান কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ে সুকীয়া অস্ত্ৰোপচাৰ কক্ষত সকলো প্ৰট’কল মানি এইচ আই ভি পজিটিভ এগৰাকী প্ৰসূতি মাতৃৰ সুস্থ-সবল পুত্ৰ সন্তান প্ৰসৱৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হয়৷ এই সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অচিন্ত্য সুন্দৰ শৰ্মাই জানিবলৈ দিয়া মতে ‘এইচ আই ভি পজিটিভ থকা গৰ্ভৱতী মহিলাই অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান প্ৰসৱ কৰা চিকিৎসালয়খনত এইটো প্ৰথম ঘটনা৷ পূৰ্বতে এনে গৰ্ভৱতী মহিলা আহিছিল যদিও সুকীয়া অস্ত্ৰোপচাৰৰ অভাৱত তেওঁলোকক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল৷ আজি দেওবাৰ হোৱা হেতু চিকিৎসালয়খনত সাধাৰণ অস্ত্ৰোপচাৰ বন্ধ ৰাখি চিকিৎসালয় কৰ্তৃপক্ষই সকলো নীতি-নিয়মেৰে এইচ আই ভি পজিটিভ গৰ্ভৱতী মহিলাগৰাকীক সুকলমে অস্ত্ৰোপচাৰ কৰাত সফল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here