Home Daily news পৰিৱেশ-অনুকূল দীপাৱলী পালন কৰোঁ আহক

পৰিৱেশ-অনুকূল দীপাৱলী পালন কৰোঁ আহক

পোহৰৰ উৎসৱ দীপাৱলী সমাগত৷ প্ৰাচীন কালৰে পৰা পৃথিৱীৰ বুকুৰ পৰা এন্ধাৰ বিনাশি পোহৰাই তোলাৰ উদ্দেশ্যেৰে মাটিৰ চাকি জ্বলাই কাতি মাহৰ অমাৱস্যা তিথিত দ্বীপান্বিতা পালনৰ পৰম্পৰা চলি আহিছে৷ প্ৰবাদ মতে, ৰামচন্দ্ৰই ৰাৱণক যুদ্ধত পৰাজিত কৰি সীতাসহিতে অয্যোধ্যালৈ উভতি আহোঁতে অযোধ্যাবাসীয়ে চাকি-বন্তি জ্বলাই আনন্দ প্ৰকাশ কৰিছিল৷ পৰৱৰ্তী সময়ত এই উৎসৱকে দীপাৱলী উৎসৱ হিচাপে পালন কৰা হয়৷ কিন্তু বৰ্তমান দীপাৱলীত আধ্যাত্মিকতাতকৈ কৃত্ৰিমতাৰ পয়োভৰ বেছি দেখা যায়৷ বৰ্তমান সময়ত আতচবাজীৰ ভৰত পোহৰৰ উৎসৱ ‘প্ৰদূষণৰ উৎসৱ’লৈ ৰূপান্তৰ হৈছে৷ আতচবাজী, ফটকা আদিৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণৰ লগতে বায়ুত অক্সিজেনৰ পৰিমাণ কমি গৈ কাৰ্বন-ডাই-অক্সাইড, ছালফাৰ, জিংক আদি গেছৰ পৰিমাণ বাঢ়ি শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে ছালৰ ৰোগৰ সৃষ্টিৰ কাৰক হ’ব পাৰে৷ আনহাতে দীপাৱলীত জ্বলোৱা ফটকা আৰু আতচবাজীৰ পৰা নিৰ্গত জুইত অগ্নিদগ্ধ হৈ কাৰোবাৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিব পাৰে৷ গতিকে ফিৰিঙতিৰ পৰা যাতে খাণ্ডৱ জাহৰ সৃষ্টি নহয়, সেই কথাত অধিক গুৰুত্ব দিব লাগে৷ দ্বীপান্বিতাত ফুটোৱা উচ্ছ প্ৰাবল্যৰ ফটকাৰ শব্দত শ্ৰৱণ শক্তিত ব্যাধাত জন্মায়৷ ফটকাৰ উচ্ছ প্ৰাবল্যৰ শব্দ, অতিমাত্ৰা নিৰ্গত ধোঁৱা আৰু ৰাসায়নিক পদাৰ্থই বায়ুমণ্ডল প্ৰদূষিত কৰি পৰিৱেশৰ ভাৰসাম্যতা বিনষ্ট কৰে, লগতে ইয়াত বাস কৰা জীৱকুল, চৰাই-চিৰিকটি আদিৰো যথেষ্ট অনিষ্ট সাধন হয়৷ এনেদৰে হোৱা বায়ু অথবা শব্দ প্ৰদূষণে জনস্বাস্থ্যলৈ ভাবুকি নমাই আনিছে৷ পৰিৱেশ প্ৰদূষিত কৰা ফটকা, আতচবাজীৰ আদি ক্ৰয় কৰিবলৈ যথেষ্ট অৰ্থৰো অপচয় হয়৷ আনহাতে ৰাজ্যত কৰ’না মহামাৰীৰ সংক্ৰমণ বৰ্তমানো অটুট আছে৷ যিহেতু কভিড-১৯ ভোগা ৰোগীৰ হাওঁফাওঁত আক্ৰমণ কৰি উশাহ-নিশাহ ল’ব নোৱৰা হয়৷ গতিকে এনেকুৱা সময়ত ফটকা, আতচবাজীৰ পৰা উদ্ভৱ হোৱা প্ৰদূষণে কৰ’না ৰোগীৰ বাবে আৰু মাৰাত্মক হৈ উঠিব পাৰে৷ সেয়ে আমি সকলোৱে উচ্ছ প্ৰাবল্যৰ ফটকা, আতচবাজী ব্যৱহাৰ নকৰি, দীপাৱলীক ‘প্ৰদূষণৰ উৎসৱ’ৰ পৰিৱৰ্তে ‘পোহৰৰ উৎসৱ’ হিচাপে উদ্‌যাপন কৰোঁ৷ প্ৰত্যেকে ঘৰৰ পদূলিত মাটিৰ চাকি জ্বলাই দীপাৱলী পালনেৰে এন্ধাৰ নাশি পৃথিৱীখন পোহৰাই তোলোঁ আহক৷

Appreciation

5.0 rating
March 31, 2022

Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.

H. Bharadwaj

very useful website

5.0 rating
November 6, 2021

For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.

https://dibakarbordoloi.in

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

ইথানল উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হ’ব নৰা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পেট্ৰলৰ সৈতে ইথানল মিহলাই দেশে ৫০ হাজাৰ কোটি টকা বিদেশলৈ যোৱাৰ পৰা...

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান ‘এমট্ৰন ড্ৰন স্কুল’ বৰঝাৰৰ সমীপৱৰ্তী টেক চিটিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ...

জীৱনদায়িনী ঔষধৰ দাম পুনৰ বৃদ্ধি

বজাৰত জুই জ্বলিছে৷ নিত্য ব্যৱহাৰ্য প্ৰতিবিধ সামগ্ৰীৰে অভাৱনীয় দাম বৃদ্ধিৰ ফলত সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাইছে৷ ইয়াৰ মাজতে...

২০২৪-ৰ ভিতৰত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ দুগুণ বিকাশ হ’ব

ভাৰতৰ পৰা বিদেশগামী ভ্ৰমণ ২০২৪ চনৰ ভিতৰত দুগুণ হ’ব আৰু ইয়াৰ সৈতে জড়িত অৰ্থৰ পৰিমাণ ২৪ বিলিয়ন ডলাৰতকৈও...

Recent Comments