সাপে খোঁটাৰ লগে লগে কি কৰা উচিত?

0
1745
সৰ্প দংশন– সকলোৰে বাবে এটা অপ্ৰত্যাশিত দুৰ্ঘটনা৷ সৰ্প দংশনৰ ফলত প্ৰতিবছৰে বহুতো মানুহৰ মৃত্যুমুখত পৰে৷ দেশত প্ৰতিবছৰে সাপৰ কামোৰত আক্ৰান্ত হৈ সাত লাখ আৰু প্ৰতিদিনে কমেও ১৬-২০জন লোকৰ মৃত্যু হয়৷ উপযুক্ত বিজ্ঞানসন্মত চিকিৎসা নোপোৱা বা অনাহকতে ভীতিগ্ৰস্ত হৈও বহু লোকৰ মৃত্যু হোৱা দেখা যায়৷ সাধাৰণতে গ্ৰামাঞ্চলত উপযুক্ত চিকিৎসা তথা সাপে খোঁটাৰ সময়ত ল’বলগীয়া সম্যক জ্ঞানৰ অভাৱৰ কাৰণে মৃত্যুৰ হাৰ অধিক হয়৷ সাপে খোঁটা বা দংশন কৰাৰ সময়ত কি ব্যৱস্থা কৰা উচিত, সেই বিষয়ে অলপ জানিবলগীয়া প্ৰাথমিক কথা হ’ল–
  • সাপে খোঁটা বা কামোৰ মৰাৰ লগে লগে দৌৰা বা জাঁপ মৰাৰ দৰে আদি কামবোৰ কৰিব নালাগে; এনে কৰিলে বিষ নিমিষতে অন্য স্থানলৈ বিয়পিব পাৰে৷ এনে অৱস্থাত লোকজনক লৰচৰ নকৰাকৈ এটা নিৰ্দিষ্ট স্থানত শুৱাই দিব লাগে৷
  • সাপে খোঁটাৰ সময়ত দেখা যায় যে ক্ষতস্থানৰ ওপৰত ৰছীৰে খুব জোৰকৈ বন্ধা হয়৷ তেনে কৰাটো অনুচিত৷ ইয়াৰ পৰিৱৰ্তে ৰছীৰে এনেদৰে বান্ধিব লাগে, যাতে বান্ধটোৰে এটা আঙুলি পাৰ হৈ যাব পাৰে। লগতে দহ মিনিটৰ মূৰে মূৰে বান্ধটোৰ স্থান সলনি কৰিব লাগে৷
Snakebite – Medical Blog
  • ক্ষতস্থান পৰিষ্কাৰ পানীৰে ধুই চাফা কৰিব লাগে৷ সাধাৰণতে দেখা যায়, কিছুমানে সাপে খোঁটা স্থানৰ পৰা মুখেৰে বিহ বাহিৰ উলিওৱাৰ চেষ্টা কৰে। এনে কৰা একেবাৰে নিৰাপদ নহয়৷ ইয়াৰ ফলত বিহ মুখেৰে সোমাই লোকজনৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে৷
3 Ways to Treat a Snake Bite - wikiHow
  • প্ৰাথমিকভাৱে এনেদৰে চিকিৎসা কৰাৰ পাছত ততালিকে ৰোগীজনক ওচৰৰ চিকিৎসালয়লৈ নিব লাগে, য’ত ইয়াৰ চিকিৎসাৰ উপযুক্ত ঔষধ পোৱা যায়৷
  • সাধাৰণতে চিকিৎসকে সাপে কামুৰিলে এণ্টিভেনম চিৰাম( Antivenom Serum )নামৰ এবিধ ঔষধ ব্যৱহাৰ কৰে৷ সাপে কামোৰাৰ পাছত ৩০ ৰপৰা ৬০ মিনিটৰ ভিতৰত লোকজনক চিকিৎসা প্ৰদান কৰাটো অত্যন্ত জৰুৰী৷ সাপে কামুৰিলে বেজ-কবিৰাজৰ দ্বাৰা কেতিয়াও চিকিৎসা কৰাব নালাগে৷ এনেদৰে তাৎক্ষণিকভাৱে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিলে সাপে খোঁটা লোকজনক মৃত্যুমুখৰ পৰা বচাব পাৰি৷
Sanofi blames manufacturing costs for end of snake bite cure

LEAVE A REPLY

Please enter your comment!
Please enter your name here