WHO’ৰ সকীয়নি : ডেল্টা ভেৰিয়েণ্টৰ কাৰণে সংক্ৰমণ যথেষ্ট বাঢ়িব

0
653
বিশ্ব স্বাস্থ্য সংগঠন চমুকৈ WHO’-এ সকীয়াই দিছে যে কভিড-১৯ৰ ডেল্টা ভেৰিয়েণ্টটোৰ সংক্ৰমণ গুণ বেছি আৰু কভিড-১৯ৰ ভেক্‌চিন দিয়া কম হৈ থকাৰ কাৰণে এই ভেৰিয়েণ্টৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু তাৰ ফলত স্বাস্থ্য যত্ন ব্যৱস্থাত বেছি হেঁচা পৰিব৷ WHO’ই কয় যে সংগঠনটোৰ আওতাত পৰা সকলো অঞ্চলত ডেল্টা ভেৰিয়েণ্টৰ কাৰণে কভিড-১৯ৰ সংক্ৰমণ বাঢ়িছে৷ ১৩ জুলাইপৰ্যন্ত কমেও ১১১খন দেশ, ভূখণ্ড আৰু অঞ্চলত ডেল্টা ভেৰিয়েণ্ট ধৰা পৰিছে৷ এই ভেৰিয়েণ্টটোৰ কাৰণে কভিড-১৯ৰ সংক্ৰমণ ক্ৰমাৎ বাঢ়ি যাব আৰু আগন্তুক মাহবোৰত সমগ্ৰ বিশ্বত ডমিনেণ্ট ভেৰিয়েণ্ট হৈ পৰিব৷ তাৰ ফলত কভিড-১৯ৰ ভেক্‌চিন দিয়া কম হৈ থকা দেশবোৰত স্বাস্থ্য ব্যৱস্থাত বেছি হেঁচা পৰিব৷ WHO’ই কয় যে ১৭৮খন দেশত আল্‌ফা ভেৰিয়েণ্ট, ১২৩খন দেশত বিটা ভেৰিয়েণ্ট আৰু ৭৫খন দেশত গামা ভেৰিয়েণ্ট ধৰা পৰিছে৷ এইবোৰ ভেৰিয়েণ্টতকৈ ডেল্টা ভেৰিয়েণ্ট বেছি সংক্ৰামক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here