অত্যধিক ভোকত ফল-মূল খায় নেকি?

0
1120
আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত প্ৰায়ভাগ লোকৰে ৰাতিপুৱাৰ খাদ্য খাবলৈ সময় নাথাকে৷ এনে ক্ষেত্ৰত দুপৰীয়া সময়ত যেতিয়া অত্যধিক ভোক লাগে, তেতিয়া তেওঁলোকে কিছুমান এনেকুৱা খাদ্য গ্ৰহণ কৰে, যাৰ ফলত তেওঁলোকৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰে৷ এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে জাংকফুড খোৱাৰ ফলত শৰীৰত বিৰূপ প্ৰভাৱ পৰে৷ নিশ্চয়৷ কিন্তু জাংকফুডৰ সৈতে আন কিছুমান সুষম খাদ্যও আছে৷ যাক খালী পেটত খোৱাৰ ফলত আপোনাৰ ডায়েৰিয়া, বমি, ফুড পয়জনিং আদি হ’ব পাৰে৷ গতিকে অত্যধিক ভোক লাগিলে খালী পেটত এইসমূহ বস্তু নাখাব৷

(১) আমি প্ৰায়ে শুনি আহিছোঁ যে সেউজীয়া কেঁচা শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে৷ কিন্তু অত্যধিক ভোকত কেঁচা পাচলি সেৱন কৰিলে গেছ, এচিডিটি, বদহজম আদিৰ দৰে সমস্যাত ভুগিব লগা হয়৷

Here is why you shouldn't eat raw veggies, drink cold water! | Healthy Eating News | Zee News


(২) কেঁচা পাচলিৰ দৰে অত্যধিক ভোকত খালী পেটত ফল-মূল খাব নালাগে৷ খালী পেটত ফল-মূল খালে ই তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে৷

Long Term Effects Of Only Eat Fruits And Vegetables - FoodGuruz


(৩) প্ৰায় সকলো মানুহে চাহ বা কফি খালী পেটতে সেৱন কৰে৷ কিন্তু অত্যধিক ভোকত একো নোখোৱাকৈ চাহ একাপ সেৱন কৰিলে শৰীৰত হাইড্ৰ’ক্লৰিক এচিড উৎপন্ন হ’বলৈ ধৰে, যিয়ে আপোনাৰ পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷

Is it healthy to drink milk tea daily? - Quora


(8) বহু লোকৰে অভ্যাস আছে যে ভোক লাগিলে দোকানত সহজতে উপলব্ধ ছিপছৰ পেকেট এটা খুলি লয়৷ এনেও ছিপছ শৰীৰৰ কাৰণে ভাল নহয়, তাতে আকৌ খালী পেটত খোৱাৰ ফলত ই পাচন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰিব পাৰে৷

2,557 BEST Guy Eating Chips IMAGES, STOCK PHOTOS & VECTORS | Adobe Stock


(৫) অত্যধিক ভোকত বিস্কুট খোৱাটো সকলোৰে অভ্যাস৷ কিন্তু অতিৰিক্ত বিস্কুট খোৱাৰ ফলত এলাৰ্জি হ’ব পাৰে৷ বিস্কুটত প্ৰচুৰ পৰিমাণে ময়দা থাকে, যাৰ বাবে বহু ক্ষেত্ৰত অৰ্শৰ সমস্যাও দেখা দিব পাৰে৷

What happens when we eat lots of biscuits? - Quora

LEAVE A REPLY

Please enter your comment!
Please enter your name here