ABAP-এ চাহৰ পৰা ঔষধ, প্ৰসাধনসামগ্ৰী উৎপাদনৰ গৱেষণা কৰিব

0
147

চাহৰ পৰা আয়ুৰ্বেদিক ঔষধ, প্ৰসাধন সামগ্ৰী আদি উৎপাদন কৰাৰ বাবে গৱেষণা কৰা হ’ব৷ এই গৱেষণা কৰিব দেশৰ আগশাৰীৰ আয়ুৰ্বেদ প্ৰতিষ্ঠান অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে৷ কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান এণ্ড্ৰুউ য়ুল এণ্ড কোম্পানীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ এই চুক্তি অনুসৰি কোম্পানীটোৱে বিভিন্ন চাহ বাগিচাৰ পৰা উক্ত প্ৰতিষ্ঠানটোৰ বিশেষজ্ঞৰ দলে চাহৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰত যাৱতীয় পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা কৰিব৷ ৰাজ্যৰ ভিতৰত ডিব্ৰুগড়ৰ খোৱাং, টিখাং, বাচমটিয়া, ৰাজগড়, দেশম বাগিচা, যোৰহাটৰ হোলেংগুৰি, গোলাঘাটৰ মুৰফুলনি বাগিচা আদি চাহ বাগিচাকেইখন সামৰি ল’ব৷ এই বুজাবুজিৰ চুক্তি কৰাৰ সময় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে পৰম্পৰাগত চাহৰ বহুতো প্ৰমাণিত স্বাস্থ্যসন্মত লাভালাভ আছে, যাক বৈজ্ঞানিকভাৱে অধ্যয়ন কৰিব লাগিব৷ নতুন এই চুক্তিখনৰ জৰিয়তে চাহৰ বিভিন্ন স্বাস্থ্যসন্মত উপাদান বৈজ্ঞানিকভাৱে তালিকাভুক্ত কৰাৰ লগতে আয়ুৰ্বেদিক ঔষধৰ ক্ষেত্ৰত চাহৰ প্ৰয়োগৰ সম্ভাৱনা অন্বেষণ কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here