প্ৰাচীন প্ৰথাত বিধি আৰোপনিষিদ্ধ কৰিলে কুকুৰৰ মাংস

0
158


বিশ্বৰ বিভিন্ন প্ৰান্তত ঠাইভেদে খাদ্যাভ্যাস সুকীয়া৷ সমগ্ৰ বিশ্বৰ নাগৰিকৰে মাছ-মাংস প্ৰিয় তথা প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে৷ ইয়াৰ বাবে ভিন্ন দেশৰ লোকে সুবিধা অনুযায়ী ভিন্ন প্ৰকাৰৰ জীৱ-জন্তু মাংস খাদ্য হিচাপে গ্ৰহণ কৰে আৰু এইদৰে জীৱন নিৰ্বাহ কৰি আহিছে৷ সাধাৰণতে দেখা হৈছে যে দক্ষিণ কোৰিয়াৰ মানুহৰ খাদ্য তালিকাৰ ভিতৰত কুকুৰৰ মাংস ৰাখে আৰু তেওঁলোকৰ বাবে এই মাংস অত্যন্ত প্ৰিয় ব্যঞ্জন৷ অকল প্ৰিয় খাদ্যই নহয়, যুগ যুগ ধৰি ইয়াৰ নাগৰিকে কুকুৰৰ মাংস খোৱাৰ ৰীতি অতীজৰে পৰা চলি আহিছে৷ এক পৰম্পৰা হিচাপে ইয়াৰ লোকসকলে কুকুৰ মাংস খায়৷ কিন্তু সকলোকে আচৰিত কৰি এইবাৰ দক্ষিণ কোৰিয়াত কুকুৰৰ মাংস খোৱাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ এতিয়াৰ পৰা দক্ষিণ কোৰিয়ান নাগৰিকে কুকুৰৰ মাংস খোৱা কাৰ্য অবৈধ হিচাপে বিবেচনা কৰা হ’ব৷ শেহতীয়াভাৱে এই কুকুৰৰ মাংসক লৈ এই নিষেধাজ্ঞা আৰোপ কৰিছে দক্ষিণ কোৰিয়াৰ ক্ষমতাত থকা পীপল পাৱাৰ পাৰ্টিয়ে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল জীৱৰ ওপৰত চলা নিষ্ঠুৰতা আৰু নৱ প্ৰজন্মৰ সংবেদনশীলতা৷ কিয়নো দক্ষিণ কোৰিয়াৰ উঠি অহা যুৱচামে কুকুৰৰ মাংস ভক্ষণ কৰা ধাৰাটো মানি ল’বলৈ নিবিচাৰে৷ ইয়াৰ বাবে তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু দেশখনত কুকুৰৰ মাংস নিষিদ্ধৰ দাবী তোলে৷ আনহাতে দেশখনৰ প্ৰকৃতিপ্ৰেমীয়েও জীৱ হত্যাৰ বাবে কৰা নৱপ্ৰজন্মৰ এই প্ৰতিবাদক সন্মতি প্ৰদান কৰে৷ যাৰ বাবে চৰকাৰে দেশখনক কুকুৰৰ মাংস খোৱাৰ ওপৰত নিষেধাজ্ঞা বলৱৎ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here