নাছাৰ তথ্য : পৃথিৱী সদৃশ ১৭টা গ্ৰহ আছে

0
136


আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি পৃথিৱী সদৃশ আন ১৭টা গ্ৰহ আছে য’ত জীৱ থাকিব পাৰে৷ এই গ্ৰহ কেইটাত প্ৰাণী থকাৰ সম্ভাৱনাৰ মূলতে হ’ল ইয়াত পৰ্যাপ্ত পৰিমাণে পানী থকাতো৷ অৱশ্যে এই গ্ৰহ কেইটা আমাৰ সৌৰ জগতৰ বাহিৰত আছে৷ ইয়াৰে কেইটামান গ্ৰহত বৰফৰ সাগৰো আছে৷ ইয়াত গৰম পানী আৰু জলীয় বাষ্পৰ উঁহ আছে বুলিও নাচাই প্ৰকাশ কৰে৷ ইয়াৰে কেইটামান গ্ৰহৰ পৃষ্ঠভাগৰ তলত সাগৰ আছে বুলি কোৱা হৈছে৷ এই উহবোৰৰ পৰা অহৰহ গৰম পানী তথা জলীয় বাষ্প ওলাই আছে৷ নাছাই এই উঁহবোৰ অধ্যয়ন কৰি এই বুলি প্ৰকাশ কৰিছে যে ইয়াৰ পৰা জোৰেৰে পানী বাহিৰৈ ওলোৱাটোৱে ইয়াকে প্ৰমণ কৰে যে পৃষ্ঠভাগৰ তলত থকা পানী গলিবলৈ লোৱাৰ ফলত চাপৰ সৃষ্টি হয় আৰু ইয়াৰ ফলতে পানী জোৰেৰে বাহিৰলৈ ওলাই আহে৷ কেতিয়াবা এই পানীৰ ফোৱাৰ কেইবা মিটাৰ ওফৰলৈ দেখা পোৱা যায়৷ সমগ্ৰ বিশ্বৰ বৈজ্ঞানিকসকলে এই গ্ৰহবোৰত জীৱৰ উপযোগী স্থানৰ সন্দান কৰি আছে৷ এই স্থান উপৰি ভাগতো হ’ব পাৰে বা তাৰ তলৰ পাৱীো হ’ব পাৰে৷ উল্লেখযোগ্য যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতিৰ উপগ্ৰহ ইউৰোপা আৰু শনিৰ উপগ্ৰহ ইনতিলেডাছতো পৃষ্ঠ ভাগৰ তলত বৰফৰ সাগৰ আছে৷ কিন্তু কাষতে থকা গ্ৰহৰ মাধ্যাকষৰ্ণ শক্তিৰ কাৰণে ইয়াৰ পানী গলিবলৈ ধৰে৷ বৈজ্ঞানিকসকলে এই বুলি কয় যে সাগৰৰ পৃষ্ঠভাগৰ তলত থকা পানীতে জীৱ থাকিব পাৰে৷ আন কথাত ইয়াত এনে ধৰণৰ জৈৱিক কণা মজুত থাকিব পাৰে যি জীৱৰ সৃষ্টি আৰু ইয়াৰ ক্ৰম বিকাশৰ কাৰণে প্ৰয়োজন৷ নাছাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰৰ বৈজ্ঞানিক ড॰ লিন কুইকে কয় যে তেওঁলোকৰ বিশ্লেষণ মতে এই ১৭টা গ্ৰহত বৰফৰ সাগৰ আছে৷ ইয়াত জীৱ থকাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এই বৰফৰ সাগৰে ভিতৰ ভাগৰ পৰা তাপ লাভ কৰে৷ ইয়াৰ লগতে সাগৰৰ অভ্যন্তৰীণ ঢৌৰ ফলতো তাপৰ সৃষ্টি হয়৷ তেওঁৰ মতেস অভ্যন্তৰৰ তাপৰ ফলত এই গ্ৰহবোৰত কেতিয়াবা ক্সায়’ভলকেনিক বিস্ফোৰণ হয়৷ অলপতে এষ্ট্ৰ’ফিজিকেল জাৰ্নেলত এই বিষয়ে প্ৰকাশ পাইছে৷ তেওঁৰ মতে কেইবা হাজাৰ বৰ্হি গ্ৰহ অধ্যয়ন কৰাৰ পাছত এই ১৭টা গ্ৰহ জীৱৰ বাবে অনুকীল বুলি তেওঁলোকে জানিব পাৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here