চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

0
157


পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা ৰিফ্ৰেছমেণ্ট পোৱা নাযায়৷ ৰাতিপুৱা চাহকাপে আমাৰ শৰীৰলৈ সজীৱতা আনে আৰু কামৰ প্ৰতি আগ্ৰহী তথা মনোযোগী হোৱাৰ অৰিহণা যোগায়৷ পুৱাৰ এই চাহকাপৰ লগত নানা তৰহৰ সুস্বাস্থ্য বিস্কুটেৰে খাওঁহঁক৷ চাহৰ সৈতে কোনোবাইতো পেকেটে পেকেটে বিস্কুট খোৱাৰ অভ্যাস কৰি লয়৷ যেন পুৱাৰ চাহকাপৰ সৈতে বিস্কুটৰ আজন্ম সম্পৰ্ক আছে৷ বিস্কুট অবিহনে চাহকাপ ভিতৰলৈ যেন নাযায়৷ সেয়ে সকলোৱে চাহৰ সৈতে বিস্কুট খোৱাটো পচন্দ কৰে৷ কিন্তু আপুনি জানি বা শুনি হয়তো আচৰিত হ’ব যে চাহ সৈতে বিস্কুট খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ চাহৰ লগত বিস্কুট খালে শৰীৰৰ অনিষ্ট সাধন কৰে৷ এই সম্পৰ্কে বহুতেই মত প্ৰকাশ কৰিছে যদিও প্ৰসিদ্ধ পুষ্টিবিদ মনপ্ৰীত কালৰাই এই সম্পৰ্কে তেখেতৰ ইনষ্টাগ্ৰাম পোষ্টত বিস্তাৰিতভাৱে সদৰী কৰিছে৷
বিস্কুট অত্যন্ত প্ৰক্ৰিয়াজাত বা প্ৰছেছ কৰা খাদ্য৷ ইয়াত BHA তথা BHT-ৰ দৰে প্ৰিজাৰভেটিভ থাকে, যিয়ে আপোনাৰ ডি এন এৰ ক্ষতি কৰিব পাৰে৷ আনহাতে বিস্কুটত হাইড্ৰজেনেটেড উদ্ভিজ তেল থাকে, যিয়ে হৰমনৰ ভাৰসাম্যতা আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷ সেয়েহে বিস্কুট চাহ বা অন্য কোনো গৰম পানীয়ৰ সৈতে সেৱন কৰিলে পাৰ্শ্বক্ৰিয়া হৈ আমাৰ বিপদ ঘটাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here