খোজ কঢ়াটো উত্তম যদিওএই ভুলবোৰ কেতিয়াও নকৰিব

0
288


খোজকঢ়াটো শৰীৰৰ বাবে খুব উপকাৰী৷ এই কথাটো আমি সকলোৱে জানো৷ সেয়ে বহুতেই স্বাস্থ্য ৰক্ষাৰ নিয়ম হিচাপে পুৱা-গধূলি খোজ কঢ়াটো নিয়মত পৰিণত কৰে৷ এইদৰে খোজ কঢ়াৰ ফলত শৰীৰক নানা ৰোগৰ পৰা বজাব পৰাৰ লগতে মনটোৱে দিনটোৰ বাবে সতেজ, সজীৱ লাগে৷ শৰীৰ আৰু মনৰ সুস্বাস্থ্যৰ কাৰণে খোজ কঢ়া অন্যতম হিচাপে ধৰা হয়৷ কিন্তু আমাৰ কিমানে এই নিয়ম অনুসৰণ কৰে, সেইটোহে ডাঙৰ কথা৷ সময়ৰ অভাৱত আজিকালি বেছিভাগ লোকৰে খোজ কঢ়া নহয়৷ বজাৰ-সমাৰ অথবা ক’ৰবালৈ যাবলগীয়া হ’লে দুচকীয়া অথবা চাৰিচকীয়াখনকহে নিৰ্ভৰ কৰিবলগীয়া হয়৷ যাৰ ফলত শৰীৰ শ্ৰমশূন্য হৈ পৰে৷ আনহাতে খোজ কঢ়াৰ ক্ষেত্ৰতো এজন কম বয়সীয়া ডেকা ল’ৰা অথবা বৃদ্ধ লোক এজনৰ মাজত সময়ৰ পাৰ্থক্য থাকে৷ বৃদ্ধ লোকজনে যিমান সময় খোজ কাঢ়িব বা খোজ কাঢ়োতে তেওঁৰ খোজৰ ধৰণ যি হ’ব ,ডেকাজনৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ হয়৷ ইয়াৰ অন্যথা খোজকাঢ়িলে হিতে বিপৰীতহে হোৱাৰ সম্ভাৱনা থাকে৷ কিছু নিয়মৰ মাজেৰে খোজ কাঢ়িলে উপকাৰ হয়৷ বিশেষজ্ঞই কোৱা মতে প্ৰতিদিনে অন্ততঃ আধা ঘণ্টা খোজ কাঢ়িলে পেশী বা স্নায়ুৰ উপকাৰহে যে হয় এনে নহয়, বৰং হাড়ৰ কাৰণেও খুব উপকাৰী হিচাপে জনা গৈছে৷ হাৰ্টৰ কাৰ্যকাৰিতা বৃদ্ধি, শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি গলনত, পেশীৰ শক্তি বৃদ্ধি, তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ আদি ইতিবাচক দিশবোৰত যথেষ্ট প্ৰভাৱ পৰে৷ আনহাতে খোজ কাঢ়িলে শৰীৰৰ এণ্ড্ৰফিন ক্ষৰণ হয়, যাৰ ফলত মানসিক চাপ নোহোৱা হোৱাৰ সহায়ক হয়৷ সেয়ে খোজ কঢ়াৰ সময়ত কিছু নিয়ম অনুসৰণ কৰা উচিত, যিয়ে আপোনাক সুস্বাস্থ্য ৰক্ষাত সহায় কৰে৷ মনত ৰখা ভাল যে খোজ কঢ়াৰ আগমুহূৰ্তত গধুৰ খাদ্য কেতিয়াও গ্ৰহণ নকৰিব৷ গধুৰ খাদ্য সেৱনৰ ফলত খোজ কাঢো.তে পেটত কষ্ট অনুভৱ হ’ব পাৰে৷ সকালোতকৈ ভাল হয় যদি আপুনি খোজ কঢ়াৰ আগেয়ে বেছি পৰিমাণ পানী সেৱন কৰি লয়৷ ইয়াৰ ফলত শৰীৰ অৱশ বা ভাগৰ নালাগে আৰু কষ্টৰ পৰা মুক্ত হ’ব৷ খোজ কাঢ়িবলৈ যোৱাৰ সময়ত এটা সৰু বেগৰ পানীৰ বটল, ঘাম মোচা টাৱেল এখন লগত ৰখা ভাল৷ আনহাতে খোজ কঢ়াৰ সময়ত খালী ভৰিলে নগৈ এযোৰ কম গধুৰ কাপোৰৰ আৰামদায়ক জোতা পিন্ধাটো নিতান্তই প্ৰয়োজন৷ এনে কৰাৰ ফলত কোনো বস্তুত উজুটি নোখোৱা তথা ভৰিত আঘাত পোৱা সম্ভাৱনা নাথাকে৷ এটা কথা মনত ৰাখিব খোজ কাঢ়োতে কেতিয়াও ছেণ্ডেল পিন্ধি খোজ নাকাঢ়িব৷ ইয়াৰ লগতে খোজ কঢ়াৰ সময়ত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে জিৰণি লোৱাৰ প্ৰয়োজন৷ এটা কথা হ’ল পুৱা আৰু গধূলিৰ সময়খিনিয়েই খোজ কঢ়াৰ উত্তম সময় বুলি ধৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here