মগজু শান্ত ৰাখিবলৈ কি খাব, কি নাখাব

0
1221

বৰ্তমান সময়ত কঠিন পৰিস্থিতিৰ সৈতে মুখামুখি হ’বলগীয়া হৈছে পৃথিৱীৰ জনতা৷ প্ৰতিটো খোজতে শংকা, আতংক. কষ্টসাধ্য জীৱন-যাত্ৰা আদিয়ে জীৱন বিপদসংকুল কৰি তুলিছে কিছু লোকৰ বাবে৷ আৰ্থিক সংকট, শাৰীৰিক অসুস্থতা, অফিচ-কাছাৰীৰ কামৰ অত্যধিক বোজা আদিয়ে কঠিন পৰিস্থিতিৰ সন্মুখত মন-মেজাজ গৰম হোৱা পৰিলক্ষিত হয়৷ আনহাতে কিছুমানৰ জীৱনজোৰা পাৰিবাৰিক সমস্যা জৰ্জৰিত হৈ মন অশান্ত হৈ থাকে৷ এই সকলোবোৰ ক্ৰিয়াৰ ফলত মানুব এজন খিংখিঙীয়া স্বভাৱৰ হয়, হকে-বিহকে খং উঠা, খোৱা-লোৱাৰ ক্ষেত্ৰত নজৰ নিদি মানুহজন অসন্তুলন হৈ মানসিক বিকাৰগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে৷ এনে অৱস্থাত কিছুমান খাদ্যও খং-ৰাগ আদি বঢ়োৱাত অৰহণা যোগাব পাৰে অথবা কিছু এনে খাদ্যও আছে, যি আপোনাৰ খিংখিঙীয়া স্বভাৱ, হঠাতে খং উঠা আদি নিৰাম কৰিব পাৰে৷ জানো আহক কি খাদ্যই মগজু শান্ত অথবা গৰম কৰাত ভূমিকা লয়৷ ফুলকবি খালে শৰীৰত অতিমাত্ৰা বায়ুৰ তৈয়াৰ কৰি গেছৰ সৃষ্টি কৰাৰ অহিৰণা যোগায়৷ গেছে মগজুত মানসিকভাৱে ক্ৰিয়া কৰি খং-ৰাগৰ পৰিমাণ বঢ়াব পাৰে৷ একেদৰে ব্ৰকলিৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য হয়৷
ড্ৰাই ফ্ৰুইটছ স্বাস্থ্যৰক্ষাৰ বাবে অতি উত্তম যদিও অধিক পৰিমাণ ড্ৰাই ফ্ৰইটছ খোৱাৰ ফলত মানুহ খিংখিঙীয়া স্বভাৱৰ হ’ব পাৰে অথবা খং বাঢ়িব পাৰে৷
বিলাহীত শৰীৰৰ লাগতিয়াল বহুতো উপকাৰী গুণ থাকে যদিও বিলাহীয়ে শৰীৰত তাপ বৃদ্ধি কৰি খঙাল কৰি তুলিব পাৰে৷ সেয়েহে এনে উপৰিউক্ত সমস্যা ভোগাসকলে বিলাহী খোৱা উচিত নহয়৷
তৰমুজে শৰীৰ হাইড্ৰেট কৰি ৰখাত সহায় কৰে৷ কিন্তু মানসিক খং-ৰাগ বৃদ্ধিত বিলাহীৰ ভূমিকা থাকে৷ মানসিক চাপত থাকিলে বিলাহী নোখোৱাই ভাল৷
বেঙেনাত উচ্ছ মাত্ৰাত এচিডিক এচিড পোৱা যায়, যিয়ে খং সৃষ্টিত অৰিহণা যোগায়৷ মানসিক চাপত ভুগিলে বেঙেনা কমাই খোৱা ভাল৷
আনহাতে কিছুমান এনে খাদ্য আছে, যিয়ে মগজু শান্ত কৰি ৰখাত সহায় কৰে৷ মগজু ঠাণ্ডা বা শান্ত কৰি ৰাখিবলৈ গ্ৰীন টী সেৱন কৰাটো লাভদায়ক৷ মগজু সুস্থ, শান্ত ৰাখিবলৈ আলুয়েও মুখ্য ভূমিকা গ্ৰহণ কৰে৷ আলুত কাৰ্বহাইড্ৰেট আৰু ভিটামিন বি পোৱা যায়, যিয়ে ৰক্তচাপ তথা ষ্ট˜ক কমোৱাত সহায় কৰে৷ যিসকল লোকৰ তৎক্ষণাৎ খং উঠে, খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে, পিনাট বাটাৰৰ সৈতে আপেল খালে সুফল পোৱা যায়৷ আইচক্ৰীম আৰু টকলেটেও খং নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here